< প্ৰকাশিত বাক্য 2 >
1 ১ ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ “এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,
»Angelu cerkve v Efezu piši: ›Te stvari govori on, ki v svoji desnici drži sedem zvezd, ki hodi v sredi sedmih zlatih svečnikov;
2 ২ তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷
poznam tvoja dela in tvoj trud in tvojo potrpežljivost in kako ne moreš prenašati teh, ki so hudobni in preizkusil si tiste, ki pravijo, da so apostoli, pa to niso in si jih našel lažnivce.
3 ৩ তোমাৰ ধৈর্যশীলতাৰ স্থায়িত্ব মই জানো, তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই।
In prenašal si in imaš potrpežljivost in si se trudil zaradi mojega imena in nisi izgubil poguma.
4 ৪ কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।
Vendar imam nekaj proti tebi, kajti zapustil si svojo prvo ljubezen.
5 ৫ এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।
Spomni se torej, od kod si padel in se pokesaj in opravljaj prva dela, sicer bom hitro prišel k tebi in bom odstranil tvoj svečnik z njegovega mesta, razen če se ne pokesaš.
6 ৬ কিন্তু এটা গুণ তোমাৰ আছে নীকলাইতীয়া সকলে যি কর্ম কৰে, সেইবোৰক তুমি ঘৃণা কৰা; ময়ো সেইবোৰ ঘৃণা কৰোঁ।
Toda to imaš, da sovražiš dejanja nikolajevcev, ki jih tudi sam sovražim.‹
7 ৭ যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”
Kdor ima uho, naj sliši, kaj Duh govori cerkvam: ›Tistemu, ki premaga, bom dal jesti od drevesa življenja, ki je na sredini Božjega raja.‹«
8 ৮ আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে,
»In angelu cerkve v Smirni piši: ›Te stvari govori prvi in zadnji, ki je bil mrtev in je živ;
9 ৯ “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।
poznam tvoja dela in stisko in revščino (toda bogat si) in poznam bogokletje teh, ki pravijo, da so Judje, pa niso, temveč so Satanova sinagoga.
10 ১০ তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা।চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Ne boj se nobene od teh stvari, ki jih boš pretrpel. Glej, hudič bo nekatere izmed vas vrgel v ječo, da boste lahko preizkušeni in deset dni boste imeli stisko. Bodi zvest do smrti in dal ti bom krono življenja.‹
11 ১১ যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
Kdor ima uho, naj sliši, kaj Duh govori cerkvam: ›Kdor premaga, ne bo poškodovan od druge smrti.‹«
12 ১২ পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
»In angelu cerkve v Pêrgamonu piši: ›Te besede govori on, ki ima oster meč z dvema ostrinama;
13 ১৩ মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা।
poznam tvoja dela in kje prebivaš, celó kjer je Satanov prestol. In trdno držiš moje ime in moje vere nisi zanikal celó v tistih dneh, v katerih je bil Antípa, moj zvesti mučenec, ki je bil umorjen med vami, kjer prebiva Satan.
14 ১৪ কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
Toda zoper tebe imam nekaj stvari, ker imaš tam tiste, ki se drže Bileámovega nauka, ki je učil Baláka metati kamen spotike pred Izraelove otroke, da jedo stvari žrtvovane malikom in da zagrešijo prešuštvo.
15 ১৫ একেদৰে তুমিও কিছুমান লোকক ৰাখিছা, যি সকলে নীকলাইতীয়া সকলৰ শিক্ষাক নিবিড় ভাবে ধৰি ৰাখিছে।
Tako imaš tudi tiste, ki se držijo nauka nikolajevcev, katerih besedo sovražim.
16 ১৬ এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
Pokesaj se, sicer bom hitro prišel k tebi in proti njim se bom boril z mečem svojih ust.‹
17 ১৭ যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নামলিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
Kdor ima uho, naj sliši, kaj Duh govori cerkvam: ›Tistemu, ki premaga, bom dal jesti od skrite mane in dal mu bom bel kamen in na kamnu napisano novo ime, ki ga ne pozna noben človek, razen, kdor ga prejme.‹«
18 ১৮ আৰু থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,
»In angelu cerkve v Tiatiri piši: ›Te stvari govori Božji Sin, ki ima svoje oči podobne plamenu ognja in so njegova stopala kakor čist bron;
19 ১৯ তুমি কৰা কর্ম - তোমাৰ প্রেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈর্যশীলতা মই জানো; সাম্প্রতিক তোমাৰ যি পৰিচৰ্যা, সেয়াও প্রথম কর্মতকৈ অধিক।
poznam tvoja dela in ljubezen in služenje in vero in tvojo potrpežljivost in tvoja dela; in zadnjih je več kakor prvih.
20 ২০ তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
Vendar imam zoper tebe nekaj stvari, ker trpiš to žensko Jezabelo, ki sebe imenuje prerokinjo, da uči in da zapeljuje moje služabnike, da zagrešijo prešuštvo in da jedo stvari, žrtvovane malikom.
21 ২১ মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।
In dal sem ji čas, da se pokesa od svojega prešuštvovanja, pa se ni pokesala.
22 ২২ চোৱা, মই তেওঁক ৰোগশয্যাত পেলাম; আৰু যি সকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁলোকক মহা-ক্লেশত পেলাম; যদিহে তেওঁলোকে সেই মহিলাই কৰা কর্মৰ পৰা মন-পালটন নকৰে।
Glej, vrgel jo bom na posteljo in te, ki z njo grešijo zakonolomstvo, v veliko stisko, razen če se ne pokesajo od svojih dejanj.
23 ২৩ মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
In njene otroke bom pobil s smrtjo in vse cerkve bodo vedele, da sem jaz tisti, ki preiskujem notranjosti in srca; in vsakemu od vas bom dal glede na vaša dejanja.
24 ২৪ কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ,
Toda tebi in ostalim iz Tiatire pravim, kdor nima tega nauka in tem, ki niso spoznali Satanovih globin, kakor govorijo; na vas ne bom nadel nobenega drugega bremena.
25 ২৫ কিন্তু তোমালোকৰ যি আছে, মই নাহোঁমানে, তাক ধৰি ৰাখা।
Temveč da trdno držite to, kar že imate, dokler ne pridem.
26 ২৬ যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম;
In kdor zmaga in moja dela ohrani do konca, njemu bom dal oblast nad narodi.
27 ২৭ তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷
In vladal jim bo z železno palico; kakor lončena posoda bodo razbiti do črepinj; celo kot sem jaz prejel od svojega Očeta.
28 ২৮ আৰু মই যি দৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ, সেইদৰে মই তেওঁক প্ৰভাতীয় তৰাদিম।
In dal mu bom jutranjo zvezdo.
29 ২৯ মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক”।
Kdor ima uho, naj sliši, kaj Duh govori cerkvam.‹«