< প্ৰকাশিত বাক্য 19 >
1 ১ এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷
After these things, I heard the great voice of a vast multitude in heaven, saying: Alleluia; Salvation and glory and honor and power to our God:
2 ২ তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷”
for true and righteous are his judgments, for he has judged the great harlot that corrupted the earth with her lewdness; and he has avenged the blood of his servants at her hand.
3 ৩ আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।” (aiōn )
And again they said: Alleluia; and her smoke rises up from age to age. (aiōn )
4 ৪ পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে কলে, “আমেন৷ হাল্লিলুয়া!”
And the twenty-four elders, and the four living creatures, fell down, and worshiped God that sits upon the throne, saying: Amen, Alleluia.
5 ৫ তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷”
And a voice came out of the throne, saying: Praise our God all you his servants, and you that fear him, both small and great.
6 ৬ পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।
And I heard as it were the voice of a great multitude, and as the voice of many waters, and as the voice of mighty thunderings, saying: Alleluia; for the Lord God the Almighty reigns.
7 ৭ আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেৰ-পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
Let us rejoice and be glad, and give glory to him: for the marriage of the Lamb has come, and his wife has made herself ready.
8 ৮ আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ’ল; (কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।)
And to her was given that she should be clothed in fine linen, clean arid white; for the fine linen is the righteousness of the saints.
9 ৯ পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”
And he said to me: Write, Blessed are they that are called to the marriage-supper of the Lamb. And he said to me: These are the true words of God.
10 ১০ তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”
And I fell at his feet to worship him; and he said to me: See that you do it not; I am your fellow-servant, and of your brethren that have the testimony of Jesus; worship God: for the testimony of Jesus is the spirit of prophecy.
11 ১১ তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
And I saw heaven opened, and behold, a white horse, and he that sat on him was called faithful and true, and in righteousness does he judge, and make war.
12 ১২ তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।
His eyes were like a flame of fire, and on his head were many diadems; and he had a name written which no one knew, but he himself.
13 ১৩ তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা; তেওঁৰ নাম হ’ল- ঈশ্বৰৰ বাক্য৷
And he was clothed with a garment dipped in blood; and his name is called The Word of God.
14 ১৪ স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল।
And the armies that were in heaven followed him on white horses; and they were clothed in fine linen, white and clean.
15 ১৫ তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।
And out of his mouth goes a sharp, two-edged sword, that with it he may smite the nations; and he shall rule them with a rod of iron; and he treads the wine-press of the fiercest wrath of God, the Almighty.
16 ১৬ তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”
And he has, on his raiment and on his thigh, a name written, King of kings, and Lord of lords.
17 ১৭ পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷
And I saw an angel standing in the sun; and he cried with a loud voice, saying to all the birds that fly in mid-heaven. Come, gather yourselves to the great supper of God,
18 ১৮ তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।”
that you may eat the flesh of kings, and the flesh of officers, and the flesh of mighty men, and the flesh of horses, and of those who sit on them, and the flesh of all, both freemen and servants, both small and great.
19 ১৯ পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
And I saw the beast, and the kings of the earth, and their armies, assembled together to make war with him that sat on the horse, and with his army.
20 ২০ তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল। (Limnē Pyr )
And the beast was taken, and the false prophet that was with him, who did signs in his presence, with which he deceived those who received the mark of the beast, and those who worshiped his image. These two were thrown alive into the lake of fire, which burns with brimstone. (Limnē Pyr )
21 ২১ আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।
And the rest were slain with the sword of him that sat on the horse, which sword proceeded out of his mouth: and all the birds were filled with their flesh.