< প্ৰকাশিত বাক্য 18 >

1 এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
यी कुराहरूपछि मैले अर्को स्वर्गदूत स्वर्गबाट तल झरिरहेको देखेँ । उनीसँग ठुलो शक्‍ति थियो, र उनको महिमाद्वारा पृथ्‍वी उज्यालो भएको थियो ।
2 তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।
उनी शक्‍तिशाली चर्को सोरले यसो भन्दै कराए, “पतन, महान् बेबिलोनको पतन भएको छ, त्यो दुष्‍ट आत्माहरूका निम्ति एक वासस्थान, हरेक अशुद्ध आत्माका लागि वासस्थान र हरेक अशुद्ध र घृणित चराको एक वासस्थान भएकी छे ।
3 কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
किनभने सबै जातिले त्यसको अनैतिक कामवासनाको मद्य पिएका छन् । पृथ्वीका राजाहरूले त्यससँग अनैतिक काम गरेका छन् । त्यसको विलासिताको शक्‍तिको जीवन यापनबाट पृथ्‍वीका व्यापारीहरू धेरै धनी भएका छन् ।”
4 পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷
त्यसपछि मैले स्वर्गबाट यसो भनेको अर्को आवाज सुनेँ, “मेरा मानिसहरू हो, त्यसबाट बाहिर आओ, ताकि तिमीहरू त्यसका पापहरूमा सहभागी बन्‍नु नपरोस्, र त्यसका कुनै पनि विपत्ति तिमीहरूले भोग्‍नु नपरोस् ।
5 কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে, আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।
त्यसका पापहरूको थुप्रो स्वर्गजस्तै अग्लो भएको छ, र परमेश्‍वरले त्यसका दुष्‍ट कामहरूको सम्झना गर्नुभएको छ ।
6 তাই যি দৰে দিলে, তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া; যি পান-পাত্ৰত পেয় যুগুত কৰিলে, সেই পান-পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা।
जसरी त्यसले अरूलाई दिएकी थिई, त्यसरी नै त्यसलाई फर्काइदेओ र त्यसले जे गरेकी छे फिर्ता गरिदेओ । त्यसले कचौरामा जे मिसाएकी थिई, त्यसको दोब्बर हुने गरी त्यसलाई देओ ।
7 তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণী হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’
जसरी त्यसले आफैँलाई महिमित तुल्याई र सुखविलासमा जीवन बिताएकी थिई, त्यसरी नै त्यसलाई यातना र शोक देओ । किनभने त्यसले आफ्नो ह्रदयमा भनेकी छे, ‘म रानीजस्तै भएर बसेकी छु, म एक विधवा होइनँ, र मैले कहिल्यै शोक हेर्नुपर्नेछैन ।’
8 সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
त्यसकारण, त्यसमाथि एकै दिनमा मृत्यु, शोक र अनिकालका विपत्ति आइपर्नेछन् । त्यसलाई आगोद्वारा भस्म पारिनेछ, किनभने परमप्रभु परमेश्‍वर शक्‍तिशाली हुनुहुन्छ, र उहाँ त्यसको न्‍यायकर्ता हुनुहुन्छ ।”
9 পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷
पृथ्‍वीका राजाहरूले त्यससँग अनैतिक यौन काम गरे र त्यसले नियन्त्रणदेखि बाहिर गएर बलेको धुवाँ देखेर त्यससँगै रुने र विलाप गर्नेछ ।
10 ১০ তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”
तिनीहरूले त्यसको यातनाको डरलाई देखेर टाढै उभिएर यसो भन्‍नेछन्, “धिकार, धिकार त्यस महान् सहरलाई, शक्‍तिशाली सहर बेबिलोन! किनकि एकै घडीमा तेरो न्याय आएको छ ।”
11 ১১ পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,
पृथ्वीका व्यापारीहरूले त्यसको लागि रुने र विलाप गर्नेछन्, किनकि त्यस समयदेखि कसैले पनि त्यसका सामानहरू किन्‍नेछैन ।
12 ১২ কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,
सुन, चाँदी, बहुमूल्य पत्थर, मोती, मिहिन सुती कपडा, बैजनी, रेसम, चहकिलो रङ सबै किसिमका सुगन्धित काठ, हरेक प्रकारका हस्तिहाडका भाँडाहरू, हरेक बहुमूल्य काठबाट बनेको भाँडा, काँसा, फलाम, सिङ्गमरमर,
13 ১৩ ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷
तेजपात, मसला, धूप, मूर्र, सुगन्धित धूप, दाखमद्य, तेल, मसिनो पिठो, गहुँ, गाई, भेडा, घोडाहरू र रथहरू, र दासहरू र मानव आत्माहरू ।
14 ১৪ তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; সেইবোৰ কেতিয়াও পুনৰ নাপাবা।
तेरो सबै शक्‍तिले तैंले चाहेको फल तँबाट गइसकेको छ । तेरा सबै सुखविलास र वैभवहरू गुमेका छन्, ती फेरि कहिल्यै भेटिनेछैनन् ।
15 ১৫ এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷
यी सामानका व्‍यापारीहरू जसले व्‍यापारद्वारा धन कमाएका थिए, तिनीहरूले त्यसमा परिआउने यातनाको डरले टाढै उभिएर रुने र चर्को गरी विलाप गर्नेछन् ।
16 ১৬ তেওঁলোকে কব, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!”
तिनीहरूले भन्‍नेछन्, “धिकार महान् सहर, तँलाई धिकार, त्यो जसले मलमल, बैजनी र रातो रङको कपडा लगाएर सुन, मोती र बहुमूल्य गहनाहरूले सिँगारिएकी थिइस् ।
17 ১৭ এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
एकै घडीमा सबै सम्पत्ति नष्‍ट भएका छन् ।” हरेक जहाजको कप्‍तान, हरेक यात्रा गर्ने मानिस, नाविकहरू र समुद्रमा व्यापार गर्नेहरू टाढै उभिए ।
18 ১৮ তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”
त्यो जलेको धुवाँ देखेर तिनीहरू कराए । तिनीहरूले भने, “योजस्तो महान् सहर अरू कुन छ र?”
19 ১৯ আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”
तिनीहरूले आफ्ना टाउकामा धुलो फ्याँकेर रुँदै र कराउँदै विलाप गरे, “धिक्‍कार, महान् सहरलाई धिक्‍कार, जहाँ समुद्रमा तिनीहरूका जहाज हुनेहरू त्यसको सम्पत्तिबाट धनी भएका थिए । किनकि एकै क्षणमा त्यो नष्‍ट पारिएकी छे ।”
20 ২০ “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”
स्वर्ग, त्यसमाथि आनन्द गर, विश्‍वासीहरू, प्रेरितहरू र अगमवक्‍ताहरू, किनकि परमेश्‍वरले तिमीहरूमाथिको न्‍याय त्यसमाथि ल्याउनुभएको छ ।”
21 ২১ পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।
एक जना शक्‍तिशाली स्वर्गदूतले जाँतोजस्तो एउटा ढुङ्गा उठाए र यसो भन्दै समुद्रमा फाले, “यस प्रकारले बेबिलोन, महान् सहर हिंसात्मक तरिकाले तल खसालिनेछ र त्यसलाई फेरि कहिल्यै देखिनेछैन ।
22 ২২ বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব;
वीणाको स्वर, सङ्गीतकारहरू, बाँसुरी बजाउनेहरू र तुरही फुक्‍नेहरूको धुन तँमा फेरि कहिल्‍यै सुनिनेछैन । कुनै पनि कारिगर तँमाथि भेटाइनेछैन । कुनै पनि जाँतोको आवाज तँमा कहिल्‍यै सुनिनेछैन ।
23 ২৩ চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
बत्तीको ज्योति तँमा कहिल्‍यै चम्कनेछैन । दुलहा र दुलहीको आवाज तँमा कहिल्‍यै सुनिनेछैन, किनभने तेरा व्यापारीहरू पृथ्‍वीका राजकुमारहरू थिए, र जातिहरू तेरा टुनामुनाद्वारा छानिएका थिए ।
24 ২৪ ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”
त्यसैमा अगमवक्‍ताहरू र विश्‍वासीहरूको रगत र पृथ्‍वीमा मारिएकाहरू सबैको रगत भेटिएको थियो ।”

< প্ৰকাশিত বাক্য 18 >