< প্ৰকাশিত বাক্য 17 >
1 ১ পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
Zvino kwakauya umwe wevatumwa vanomwe vakange vane ndiro nomwe, ndokutaura neni, achiti kwandiri: Uya pano, ndicharatidza kwauri mutongo wemhombwe huru igere pamusoro pemvura zhinji;
2 ২ তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
madzimambo enyika aakaita upombwe nayo, nevagari vepanyika vakadhakiswa newaini yeupombwe hwayo.
3 ৩ তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
Zvino wakandisengera kurenje mumweya, uye ndakaona mukadzi akatasva chikara chitsvuku, chizere nemazita ekunyomba, chine misoro minomwe nenyanga gumi.
4 ৪ সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল;
Zvino mukadzi wakange akamonera zvine ruvara rwehute nezvitsvuku, uye akashonga goridhe nemabwe anokosha nemaparera, ane mukombe wegoridhe muruoko rwake uzere nezvinosemesa netsvina yeupombwe hwake.
5 ৫ আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
Nepahuma yake pakange pakanyorwa zita rekuti: CHAKAVANZIKA, BHABHIRONI GURU, MAI VEMHOMBWE NEZVINOSEMESA ZVENYIKA.
6 ৬ সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
Zvino ndakaona mukadzi akararadza neropa revatsvene, uye neropa rezvapupu zvaJesu. Zvino ndakati ndamuona ndikashamisika nekushamisika kukuru.
7 ৭ তাতে সেই দূতে মোক ক’লে, “তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা সেই সাতোটা মুৰ আৰু দহোটা শিং থকা পশুৰ নিগূঢ়-তত্ত্ব মই তোমাক বুজাই কম৷
Zvino mutumwa akati kwandiri: Washamisika nei? Ini ndichakuudza chakavanzika chemukadzi, nechechikara chinomutakura, chine misoro minomwe nenyanga gumi.
8 ৮ তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। (Abyssos )
Chikara chawakaona, chaivapo, uye chisipo; uye choda kukwira chichibva mugomba risina chigadziko, chichienda mukuparadzwa; uye vanogara panyika vasina kunyorwa mazita avo mubhuku reupenyu kubva pakuvambwa kwenyika vachashamisika vachiona chikara chaivapo uye chisipo, kunyange chiripo. (Abyssos )
9 ৯ ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও৷
Zvino heino fungwa ine njere. Misoro minomwe ndiwo makomo manomwe mukadzi paagere pamusoro pawo,
10 ১০ তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব।
uye ndiwo madzimambo manomwe; vashanu vawa, uye umwe aripo, umwe haasati asvika; uye kana achisvika, anofanira kugara chinguvana.
11 ১১ আৰু যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি নিজেই অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাত জনৰ এজন; সি বিনাশৰ ঠাইলৈ যাব।
Uye chikara chaivapo, uye chisipo, ndiyewo werusere, uye anobva pavanomwe, uye anoenda mukuparadzwa.
12 ১২ আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব।
Nenyanga gumi dzawaona, ndiwo madzimambo gumi, asati agamuchira ushe, asi achagamuchira simba semadzimambo pamwe nechikara awa rimwe.
13 ১৩ তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।
Ava vane fungwa imwe, uye vanopa simba neutongi hwavo kuchikara.
14 ১৪ তেওঁলোকে মেৰ-পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেৰ-পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।”
Ava vacharwa neGwayana, uye Gwayana richavakunda, nokuti ndiIshe wemadzishe naMambo wemadzimambo; nevanaro ndevakadanwa nevakasarudzwa nevakatendeka.
15 ১৫ সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, অৰ্থাৎ য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
Zvino akati kwandiri: Mvura yawaona, pagere mhombwe, ndivo vanhu nezvaunga nemarudzi nendimi.
16 ১৬ তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।
Uye nyanga gumi dzawaona pamusoro pechikara, avo vachavenga mhombwe, uye vachaiparadza nekuifukura, uye vachadya nyama yayo, nekuipisa nemoto.
17 ১৭ কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
Nokuti Mwari wakaisa mumoyo yavo kuti vaite fungwa yake, vaite fungwa imwe, nekupa chikara ushe hwavo, kusvikira mashoko aMwari apedzeredzwa.
18 ১৮ তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।
Zvino mukadzi wawaona ndiro guta guru, rine umambo pamusoro pemadzimambo enyika.