< প্ৰকাশিত বাক্য 15 >
1 ১ তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
Και είδον άλλο σημείον εν τω ουρανώ μέγα και θαυμαστόν, αγγέλους επτά, οίτινες είχον τας επτά εσχάτας πληγάς, διότι εν αυταίς ετελέσθη ο θυμός του Θεού.
2 ২ পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
Και είδον ως θάλασσαν υαλίνην μεμιγμένην με πυρ, και εκείνους οίτινες ενίκησαν κατά του θηρίου και κατά της εικόνος αυτού και κατά του χαράγματος αυτού και κατά του αριθμού του ονόματος αυτού ισταμένους επί την θάλασσαν την υαλίνην, έχοντας κιθάρας του Θεού.
3 ৩ সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Και έψαλλον την ωδήν Μωϋσέως του δούλου του Θεού και την ωδήν του Αρνίου, λέγοντες· Μεγάλα και θαυμαστά τα έργα σου, Κύριε Θεέ παντοκράτωρ· δίκαιαι και αληθιναί αι οδοί σου, βασιλεύ των αγίων.
4 ৪ আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
Τις δεν θέλει σε φοβηθή, Κύριε, και δοξάσει το όνομά σου; διότι είσαι μόνος όσιος, διότι πάντα τα έθνη θέλουσιν ελθεί και προσκυνήσει ενώπιόν σου, διότι αι κρίσεις σου εφανερώθησαν.
5 ৫ তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ’ল;
Και μετά ταύτα είδον και ιδού, ηνοίχθη ο ναός της σκηνής του μαρτυρίου εν τω ουρανώ,
6 ৬ সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।
και εξήλθον εκ του ναού οι επτά άγγελοι, έχοντες τας επτά πληγάς, ενδεδυμένοι λινά καθαρά και λαμπρά και περιεζωσμένοι περί τα στήθη ζώνας χρυσάς.
7 ৭ পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। (aiōn )
Και εν εκ των τεσσάρων ζώων έδωκεν εις τους επτά αγγέλους επτά φιάλας χρυσάς, πλήρεις του θυμού του Θεού του ζώντος εις τους αιώνας των αιώνων. (aiōn )
8 ৮ ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।
Και εγεμίσθη ο ναός από καπνού εκ της δόξης του Θεού και εκ της δυνάμεως αυτού· και ουδείς ηδύνατο να εισέλθη εις τον ναόν, εωσού τελειώσωσιν αι επτά πληγαί των επτά αγγέλων.