< প্ৰকাশিত বাক্য 12 >
1 ১ পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ’ল: এজনী তিৰোতা দেখা গ’ল; তেওঁ কাপোৰৰ সৈতে সুৰ্য্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁ মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধিছিল৷
তারপর স্বর্গে এক বিশাল ও বিস্ময়কর চিহ্ন দেখা গেল, এক নারী, সূর্য তার পোশাক, চাঁদ তার পায়ের নিচে এবং তার মাথায় বারোটি তারাখচিত এক মুকুট।
2 ২ তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ-বেদনাৰে পীড়িত হৈ আটাহ পাৰি আছিল।
সে ছিল সন্তান-সম্ভবা এবং প্রসব যন্ত্রণায় কাতর হয়ে সে আর্তনাদ করছিল।
3 ৩ আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।
এরপর মহাকাশে আর একটি চিহ্ন দেখা দিল; এক অতিকায় লাল দানব, তার ছিল সাতটি মাথা ও দশটি শিং এবং তার মাথাগুলিতে ছিল সাতটি মুকুট।
4 ৪ তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল।
তার লেজ আকাশের এক-তৃতীয়াংশ তারাকে টেনে পৃথিবীতে নিক্ষেপ করল। সেই দানব, সন্তান প্রসব করতে উদ্যত সেই নারীর সামনে এসে দাঁড়াল, যেন জন্ম হওয়ামাত্র সে তার শিশুকে গ্রাস করতে পারে।
5 ৫ পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
সেই নারী এক পুত্রসন্তানের জন্ম দিল, যিনি লোহার রাজদণ্ডের দ্বারা সব জাতিকে শাসন করবেন। তার সেই শিশুকে সেই দানবের সামনে থেকে ছিনিয়ে নিয়ে ঈশ্বর ও তাঁর সিংহাসনের কাছে নিয়ে যাওয়া হল।
6 ৬ আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।
সেই নারী মরুপ্রান্তরে এক স্থানে পালিয়ে গেল, যে স্থান ঈশ্বর তার জন্য প্রস্তুত করেছিলেন, যেখানে তাকে 1,260 দিন পর্যন্ত প্রতিপালন করা হবে।
7 ৭ এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
এরপর স্বর্গে এক যুদ্ধ হল। মীখায়েল ও তাঁর দূতেরা সেই দানবের বিরুদ্ধে যুদ্ধ করলেন, আর সেই দানব ও তার দূতেরাও যুদ্ধ করল।
8 ৮ কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।
কিন্তু তার যথেষ্ট শক্তি ছিল না, তাই স্বর্গে তাদের আর কোনও স্থান হল না।
9 ৯ সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
সেই মহাদানবকে নিচে নিক্ষেপ করা হল—এ সেই পুরাকালের সাপ, যাকে দিয়াবল বা শয়তান বলা হয়, সে সমস্ত জগৎকে বিপথে চালিত করে। তাকে ও তার সঙ্গে তার দূতদেরও পৃথিবীতে নিক্ষেপ করা হল।
10 ১০ তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল।
এরপরে আমি স্বর্গে এক উচ্চ রব শুনতে পেলাম: “এখন পরিত্রাণ ও পরাক্রম ও আমাদের ঈশ্বরের রাজ্য এবং তাঁর খ্রীষ্টের কর্তৃত্ব উপস্থিত হল। কারণ আমাদের ভাইবোনেদের বিরুদ্ধে সেই অভিযোগকারী, যে আমাদের ঈশ্বরের সামনে তাদের বিরুদ্ধে দিনরাত অভিযোগ করে, সে নিক্ষিপ্ত হয়েছে।
11 ১১ তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
মেষশাবকের রক্তের দ্বারা ও তাদের সাক্ষ্যের বাণী দ্বারা তারা তাকে পরাস্ত করেছে; তারা নিজেদের প্রাণকেও এত প্রিয় জ্ঞান করেনি, যে কারণে মৃত্যুকেও তুচ্ছজ্ঞান করেছে।
12 ১২ এই কাৰণে, হে স্বৰ্গ আৰু তাত নিবাস কৰা সকল, তোমালোকে আনন্দ কৰা! কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ’ব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গ’ল; আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰুদ্ধ হৈছে।”
সেই কারণে স্বর্গলোক ও তার অধিবাসীরা, তোমরা আনন্দ করো! কিন্তু পৃথিবী ও সমুদ্রের দুর্দশা হবে, কারণ দিয়াবল তোমাদের কাছে নেমে গিয়েছে! সে ক্রোধে পূর্ণ, কারণ সে জানে তার সময় সংক্ষিপ্ত।”
13 ১৩ পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পেলোৱা হ’ল, ইয়াকে দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক সি তাড়না কৰিলে।
সেই দানব যখন দেখল, তাকে পৃথিবীতে নিক্ষেপ করা হয়েছে, সে সেই নারীর পিছনে ধাওয়া করল, যে পুত্রসন্তানের জন্ম দিয়েছিল।
14 ১৪ কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।
সেই নারীকে একটি বড়ো ঈগল পাখির মতো দুটি ডানা দেওয়া হয়েছিল, যেন মরুপ্রান্তরে তার জন্য যে স্থান প্রস্তুত করা হয়েছে, সে সেখানে উড়ে যেতে পারে। সে সেই দানবের নাগালের বাইরে, এক বছর, দু-বছর ও ছয় মাস প্রতিপালিত হবে।
15 ১৫ পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোবাই দিলে; সেই পানীৰ সোঁত এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে৷
তারপর সেই দানবটি তার মুখ থেকে নদীর মতো জলস্রোত বের করল, যেন সেই নারীর নাগাল পায় ও তাকে জলের স্রোতে ভাসিয়ে দিতে পারে।
16 ১৬ কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে৷ নিজৰ মুখ মেলিলে, আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে।
কিন্তু পৃথিবী তার মুখ খুলে সেই নারীকে সাহায্য করল এবং সে নাগ-দানবের মুখ থেকে বের হওয়া সেই নদী গিলে ফেলল।
17 ১৭ তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷
তখন সেই নাগ-দানব সেই নারীর প্রতি ভীষণ ক্রুদ্ধ হয়ে তার বংশের সেই অবশিষ্ট লোকদের সঙ্গে—যারা ঈশ্বরের আদেশ পালন ও যীশুর সাক্ষ্য ধারণ করে—তাদের সঙ্গে যুদ্ধ করতে গেল।