< প্ৰকাশিত বাক্য 11 >
1 ১ পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, “উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা।
A reed like a rod was given to me. Someone said, "Rise and measure God's temple, and the altar, and those who worship in it.
2 ২ কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।
Leave out the court which is outside of the temple, and do not measure it, for it has been given to the nations. They will tread the holy city under foot for forty-two months.
3 ৩ মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
I will give power to my two witnesses, and they will prophesy one thousand two hundred sixty days, clothed in sackcloth."
4 ৪ তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ।
These are the two olive trees and the two lampstands, standing before the Lord of the earth.
5 ৫ তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।
If anyone desires to harm them, fire proceeds out of their mouth and devours their enemies. If anyone desires to harm them, he must be killed in this way.
6 ৬ তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।
These have the power to shut up the sky, that it may not rain during the days of their prophecy. They have power over the waters, to turn them into blood, and to strike the earth with every plague, as often as they desire.
7 ৭ তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব। (Abyssos )
When they have finished their testimony, the beast that comes up out of the abyss will make war with them, and overcome them, and kill them. (Abyssos )
8 ৮ তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
Their dead bodies will be in the street of the great city, which spiritually is called Sedum and Egypt, where also their Lord was crucified.
9 ৯ নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।
From among the peoples, tribes, languages, and nations people will look at their dead bodies for three and a half days, and will not allow their dead bodies to be placed in a tomb.
10 ১০ আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।
Those who dwell on the earth rejoice over them, and they will be glad. They will give gifts to one another, because these two prophets tormented those who dwell on the earth.
11 ১১ চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।
After the three and a half days, the breath of life from God entered into them, and they stood on their feet. Great fear fell on those who saw them.
12 ১২ পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা”! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
I heard a loud voice from heaven saying to them, "Come up here." They went up into heaven in the cloud, and their enemies saw them.
13 ১৩ সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
In that hour there was a great earthquake, and a tenth of the city fell. Seven thousand people were killed in the earthquake, and the rest were terrified, and gave glory to the God of heaven.
14 ১৪ এই দ্বিতীয় সন্তাপ হৈ গ’ল, চোৱা! তৃতীয় সন্তাপ বেগাই আহিছে।
The second woe is past. Look, the third woe comes quickly.
15 ১৫ পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। (aiōn )
The seventh angel sounded, and great voices in heaven followed, saying, "The kingdom of the world now belongs to our Lord and to his Meshikha, and he will reign forever and ever." (aiōn )
16 ১৬ আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি,
The twenty-four elders, who sit on their thrones before God's throne, fell on their faces and worshiped God,
17 ১৭ তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
saying: "We give you thanks, Lord God of hosts, the one who is and who was; because you have taken your great power, and reigned.
18 ১৮ আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
The nations were angry, and your wrath came, as did the time for the dead to be judged, and to give your servants the prophets, their reward, as well as to the saints, and those who fear your name, to the small and the great; and to destroy those who destroy the earth."
19 ১৯ পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
God's temple that is in heaven was opened, and the ark of his covenant was seen in his temple. Lightnings, sounds, thunders, an earthquake, and great hail followed.