< প্ৰকাশিত বাক্য 1 >
1 ১ অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷
yat prakAshitaM vAkyam IshvaraH svadAsAnAM nikaTaM shIghramupasthAsyantInAM ghaTanAnAM darshanArthaM yIshukhrIShTe samarpitavAn tat sa svIyadUtaM preShya nijasevakaM yohanaM j nApitavAn|
2 ২ যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।
sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|
3 ৩ যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|
4 ৪ যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,
yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukhe tiShThanti
5 ৫ আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo. anugrahaH shAntishcha yuShmAsu varttatAM|
6 ৬ তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn )
yo. asmAsu prItavAn svarudhireNAsmAn svapApebhyaH prakShAlitavAn tasya piturIshvarasya yAjakAn kR^itvAsmAn rAjavarge niyuktavAMshcha tasmin mahimA parAkramashchAnantakAlaM yAvad varttatAM| Amen| (aiōn )
7 ৭ চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste. api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|
8 ৮ প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
varttamAno bhUto bhaviShyaMshcha yaH sarvvashaktimAn prabhuH parameshvaraH sa gadati, ahameva kaH kShashchArthata Adirantashcha|
9 ৯ আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|
10 ১০ মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তূৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ।
tatra prabho rdine AtmanAviShTo. ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,
11 ১১ তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|
12 ১২ তাতে মোক কথা কোৱা সেই কণ্ঠস্বৰ চাবলৈ ঘুৰিলোঁ আৰু তাতে মই সোণৰ সাতটা দীপাধাৰ দেখিলোঁ।
tato mayA sambhAShamANasya kasya ravaH shrUyate taddarshanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavR^ikShA dR^iShTAH|
13 ১৩ আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
teShAM sapta dIpavR^ikShANAM madhye dIrghaparichChadaparihitaH suvarNashR^i Nkhalena veShTitavakShashcha manuShyaputrAkR^itireko janastiShThati,
14 ১৪ তেওঁৰ মুৰ আৰু চুলি, বগা মেষৰ নোম আৰু হিমৰ নিচিনা বগা; তেওঁৰ চকু অগ্নিশিখাৰ তুল্য;
tasya shiraH keshashcha shvetameShalomAnIva himavat shretau lochane vahnishikhAsame
15 ১৫ তেওঁৰ চৰণ চক্চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
charaNau vahnikuNDetApitasupittalasadR^ishau ravashcha bahutoyAnAM ravatulyaH|
16 ১৬ তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
tasya dakShiNahaste sapta tArA vidyante vaktrAchcha tIkShNo dvidhAraH kha Ngo nirgachChati mukhamaNDala ncha svatejasA dedIpyamAnasya sUryyasya sadR^ishaM|
17 ১৭ যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
taM dR^iShTvAhaM mR^itakalpastachcharaNe patitastataH svadakShiNakaraM mayi nidhAya tenoktam mA bhaiShIH; aham Adirantashcha|
18 ১৮ আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। (aiōn , Hadēs )
aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH| (aiōn , Hadēs )
19 ১৯ গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
ato yad bhavati yachchetaH paraM bhaviShyati tvayA dR^iShTaM tat sarvvaM likhyatAM|
20 ২০ মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।
mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|