< সামসঙ্গীত 99 >
1 ১ যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক।
Hospodin kraluje, užasněte se národové; sedí nad cherubíny, pohniž se země.
2 ২ চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
Hospodin na Sionu veliký, a vyvýšený jest nade všecky lidi.
3 ৩ জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ।
Oslavujte jméno tvé veliké a hrozné, nebo svaté jest.
4 ৪ শক্তিশালী ৰজাই ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।
Moc zajisté králova miluje soud; ty jsi ustanovil práva, soud a spravedlnost v Jákobovi ty konáš.
5 ৫ আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
Vyvyšujte Hospodina Boha našeho, a sklánějte se u podnoží noh jeho, svatýť jest.
6 ৬ তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।
Mojžíš a Aron mezi kněžími jeho, a Samuel mezi vzývajícími jméno jeho; volávali k Hospodinu, a on je vyslýchal.
7 ৭ তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
V sloupu oblakovém mluvíval k nim; kteřížto když ostříhali svědectví jeho, i ustanovení jim vydal.
8 ৮ হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
Hospodine Bože náš, tys je vyslýchal, Bože, bývals jim milostiv, i když jsi je trestal pro výstupky jejich.
9 ৯ তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।
Vyvyšujte Hospodina Boha našeho, a sklánějte se na hoře svaté jeho; neboť jest svatý Hospodin Bůh náš.