< সামসঙ্গীত 98 >

1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
Воспойте Господеви песнь нову, яко дивна сотвори Господь: спасе Его десница Его и мышца святая Его.
2 যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
Сказа Господь спасение Свое, пред языки откры правду Свою.
3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
Помяну милость Свою Иакову и истину Свою дому Израилеву: видеша вси концы земли спасение Бога нашего.
4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
Воскликните Богови, вся земля, воспойте и радуйтеся и пойте.
5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
Пойте Господеви в гуслех, в гуслех и гласе псаломсте,
6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
в трубах кованых и гласом трубы рожаны: вострубите пред Царем Господем.
7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
Да подвижится море и исполнение его, вселенная и вси живущии на ней.
8 নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,
Реки восплещут рукою вкупе, горы возрадуются
9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
от лица Господня, яко грядет, яко идет судити земли: судити вселенней в правду, и людем правостию.

< সামসঙ্গীত 98 >