< সামসঙ্গীত 98 >
1 ১ তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
melody to sing to/for LORD song new for to wonder to make: do to save to/for him right his and arm holiness his
2 ২ যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
to know LORD salvation his to/for eye: seeing [the] nation to reveal: reveal righteousness his
3 ৩ ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
to remember kindness his and faithfulness his to/for house: household Israel to see: see all end land: country/planet [obj] salvation God our
4 ৪ হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
to shout to/for LORD all [the] land: country/planet to break out and to sing and to sing
5 ৫ বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
to sing to/for LORD in/on/with lyre in/on/with lyre and voice: sound melody
6 ৬ তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
in/on/with trumpet and voice: sound trumpet to shout to/for face: before [the] king LORD
7 ৭ সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
to thunder [the] sea and fullness his world and to dwell in/on/with her
8 ৮ নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,
river to clap palm unitedness mountain: mount to sing
9 ৯ যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
to/for face: before LORD for to come (in): come to/for to judge [the] land: country/planet to judge world in/on/with righteousness and people in/on/with uprightness