< সামসঙ্গীত 97 >
1 ১ যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
The Lord reigneth: let the earth reioyce: let the multitude of the yles be glad.
2 ২ তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
Cloudes and darkenes are round about him: righteousnesse and iudgement are the foundation of his throne.
3 ৩ অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
There shall goe a fire before him, and burne vp his enemies round about.
4 ৪ তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
His lightnings gaue light vnto the worlde: the earth sawe it and was afraide.
5 ৫ পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
The mountaines melted like waxe at the presence of the Lord, at the presence of the Lord of the whole earth.
6 ৬ আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
The heauens declare his righteousnes, and all the people see his glory.
7 ৭ লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
Confounded be all they that serue grauen images, and that glory in idoles: worship him all ye gods.
8 ৮ হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
Zion heard of it, and was glad: and the daughters of Iudah reioyced, because of thy iudgements, O Lord.
9 ৯ হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
For thou, Lord, art most High aboue all the earth: thou art much exalted aboue all gods.
10 ১০ যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
Ye that loue the Lord, hate euill: he preserueth the soules of his Saints: hee will deliuer them from the hand of the wicked.
11 ১১ ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
Light is sowen for the righteous, and ioy for the vpright in heart.
12 ১২ হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Reioyce ye righteous in the Lord, and giue thankes for his holy remembrance.