< সামসঙ্গীত 97 >

1 যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
上主為王,願大地踴躍,無數島嶼,也都要歡樂!
2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
雲彩和黑暗包圍在祂的四週,正義與公道支持祂的座位。
3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
烈火在祂前面先行,焚燒祂四周的敵人。
4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
祂的閃電照亮塵寰,大地一見就戰慄搖搣。
5 পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
面對上主普世的主宰,大山要像蠟燭一般溶解。
6 আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
蒼天宣揚祂的公道,萬民目睹祂的光耀。
7 লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
願所有拜偶像,以邪神自誇人受辱,願所有的神祗,都俯伏在祂面前叩首。
8 হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
上主,因您的宣判,熙雍聽見了便笑,猶大各城高興歡躍。
9 হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
上主,您在普天下是最尊貴的,您在眾神中是最崇高的。
10 ১০ যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
上主喜愛那惱恨罪惡的人,保護虔誠人們的生命,從惡人手中拯救他們。
11 ১১ ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
光明已升起照耀義人,賜喜樂於人地正直的人。
12 ১২ হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
義人,請因上主而歡欣,請您們讚美祂的聖名。

< সামসঙ্গীত 97 >