< সামসঙ্গীত 97 >
1 ১ যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
Yehova akulamulira, dziko lapansi lisangalale; magombe akutali akondwere.
2 ২ তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
Mitambo ndi mdima waukulu zamuzungulira; chilungamo ndi kuweruza molungama ndiwo maziko a mpando wake waufumu.
3 ৩ অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
Moto umapita patsogolo pake ndi kunyeketsa amaliwongo kumbali zonse.
4 ৪ তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
Zingʼaningʼani zake zimawalitsa dziko lonse; dziko lapansi limaona ndipo limanjenjemera.
5 ৫ পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
Mapiri amasungunuka ngati phula pamaso pa Yehova, pamaso pa Ambuye a dziko lonse lapansi.
6 ৬ আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
Mayiko akumwamba amalengeza za chilungamo chake, ndipo mitundu yonse ya anthu imaona ulemerero wake.
7 ৭ লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
Onse amene amalambira mafano osema amachititsidwa manyazi, iwo amene amanyadira mafano; mulambireni, inu milungu yonse!
8 ৮ হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
Ziyoni akumva ndipo akukondwera, midzi ya Yuda ikusangalala chifukwa cha maweruzo anu Yehova.
9 ৯ হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
Pakuti Inu Yehova ndi Wammwambamwamba pa dziko lonse lapansi; ndinu wokwezeka kupambana milungu yonse.
10 ১০ যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
Iwo amene amakonda Yehova adane ndi zoyipa pakuti Iye amayangʼanira miyoyo ya amene amamukhulupirira ndipo amawapulumutsa mʼdzanja la anthu oyipa
11 ১১ ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
Kuwala kumafika pa anthu olungama, ndi chimwemwe kwa olungama mtima.
12 ১২ হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Kondwerani mwa Yehova Inu olungama ndipo tamandani dzina lake loyera.