< সামসঙ্গীত 96 >

1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।
你们要向耶和华唱新歌! 全地都要向耶和华歌唱!
2 যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।
要向耶和华歌唱,称颂他的名! 天天传扬他的救恩!
3 বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
在列邦中述说他的荣耀! 在万民中述说他的奇事!
4 কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।
因耶和华为大,当受极大的赞美; 他在万神之上,当受敬畏。
5 কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
外邦的神都属虚无; 惟独耶和华创造诸天。
6 মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।
有尊荣和威严在他面前; 有能力与华美在他圣所。
7 হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।
民中的万族啊,你们要将荣耀、能力归给耶和华, 都归给耶和华!
8 তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।
要将耶和华的名所当得的荣耀归给他, 拿供物来进入他的院宇。
9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।
当以圣洁的妆饰敬拜耶和华; 全地要在他面前战抖!
10 ১০ বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”
人在列邦中要说:耶和华作王! 世界就坚定,不得动摇; 他要按公正审判众民。
11 ১১ আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।
愿天欢喜,愿地快乐! 愿海和其中所充满的澎湃!
12 ১২ পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।
愿田和其中所有的都欢乐! 那时,林中的树木都要在耶和华面前欢呼。
13 ১৩ যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
因为他来了,他来要审判全地。 他要按公义审判世界, 按他的信实审判万民。

< সামসঙ্গীত 96 >