< সামসঙ্গীত 95 >
1 ১ আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
Kommer, lader os synge med Fryd for Herren, lader os raabe af Glæde for vor Frelses Klippe!
2 ২ আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
Lader os komme frem for hans Ansigt med Tak, lader os raabe af Glæde for ham med Psalmer!
3 ৩ কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
Thi Herren er en stor Gud, ja, en stor Konge over alle Guder.
4 ৪ পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
I hans Haand ere Jordens Dybder, og Bjergenes Højder høre ham til.
5 ৫ সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
Havet er hans, og han har skabt det, og hans Hænder have dannet det tørre Land.
6 ৬ আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
Kommer, lader os tilbede og nedbøje os, lader os bøje Knæ for Herren, vor Skabers Ansigt!
7 ৭ কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”
Thi han er vor Gud, og vi ere det Folk, han føder, og den Hjord, hans Haand leder: Vilde I dog i Dag høre hans Røst!
8 ৮ তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
Forhærder ikke eders Hjerte, som ved Meriba, som paa den Dag ved Massa udi Ørken,
9 ৯ যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
hvor eders Fædre fristede mig; de prøvede mig, og de saa min Gerning.
10 ১০ চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
Fyrretyve Aar kededes jeg ved den Slægt og sagde: De ere et Folk, som farer vild med Hjertet, de kendte ikke mine Veje,
11 ১১ এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”
saa at jeg svor i min Vrede: De skulle ikke komme til min Hvile!