< সামসঙ্গীত 94 >
1 ১ হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
Awurade, Onyankopɔn a wotɔ werɛ, Onyankopɔn a wotɔ werɛ, hyerɛn.
2 ২ হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
Sɔre, Ao wo a woyɛ asase so ɔtemmufoɔ, tua ahantanfoɔ ka sɛdeɛ ɛfata wɔn.
3 ৩ হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
Ao Awurade, ɛnkɔsi da bɛn, amumuyɛfoɔ nnye wɔn ani nkɔsi da bɛn?
4 ৪ তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
Wɔkasa ahantan so; ahohoahoa ahyɛ abɔnefoɔ nyinaa ma.
5 ৫ হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
Ao Awurade, wɔdwerɛ wo nkurɔfoɔ; wɔhyɛ wʼagyapadeɛ so.
6 ৬ বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
Wɔkunkumm akunafoɔ ne amanfrafoɔ; na wɔdi nwisiaa awu.
7 ৭ তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
Wɔka sɛ, “Awurade nhunu, Yakob Onyankopɔn ayi nʼani.”
8 ৮ হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
Monhwɛ yie, mo agyimifoɔ a mowɔ nnipa no mu; nkwaseafoɔ, da bɛn na mobɛhunu nyansa?
9 ৯ যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
Deɛ ɔbɔɔ aso no, ɔrente asɛm anaa? Deɛ ɔyɛɛ ani no, ɔrenhunu adeɛ anaa?
10 ১০ যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
Deɛ ɔtenetene aman so no rentwe aso anaa? Deɛ ɔkyerɛkyerɛ onipa no nnim nyansa anaa?
11 ১১ যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।
Awurade nim onipa nsusuiɛ; ɔnim sɛ ɛnkɔsi hwee.
12 ১২ হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
Ao Awurade, nhyira ne onipa a wotenetene ne so, onipa a wokyerɛ no wo mmara no;
13 ১৩ যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।
Woma wɔn ɔhome firi amanehunu nna mu, kɔsi sɛ wɔbɛtu amena ama amumuyɛfoɔ.
14 ১৪ কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
Awurade rempo ne nkurɔfoɔ; na ɔrennya nʼagyapadeɛ hɔ da.
15 ১৫ ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
Atemmuo bɛgyina teneneeyɛ so bio, na wɔn a wɔn akoma mu teɛ nyinaa bɛdi so.
16 ১৬ কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
Hwan na ɔbɛsɔre atia amumuyɛfoɔ ama me? Hwan na ɔbɛsɔre atia abɔnefoɔ ama me?
17 ১৭ যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
Sɛ Awurade ammoa me a, anka mekɔɔ owuo kommyɛ mu ntɛm so.
18 ১৮ যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
Ɛberɛ a mekaa sɛ, “Menan rewatiri” no, Ao Awurade, wo dɔ no sɔɔ me mu.
19 ১৯ মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
Ɛberɛ a me dadwene dɔɔso no, wʼawerɛkyekye maa me kra abotɔyam.
20 ২০ দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
Ɔhene a porɔeɛ ahyɛ no ma no ne wo wɔ ayɔnkofa anaa? Wʼani gye ahennie a ɛde amanehunu ba ho anaa?
21 ২১ তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
Awudifoɔ bɔ mu tia ateneneefoɔ na wɔn a wɔdi bem no, wɔbu wɔn kumfɔ.
22 ২২ কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
Nanso Awurade yɛ mʼaban; na me Onyankopɔn ayɛ ɔbotan a ne mu na menya ahintaeɛ.
23 ২৩ তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।
Ɔbɛtua wɔn nnebɔne no so ka na wɔn amumuyɛ enti, wasɛe wɔn; Awurade yɛn Onyankopɔn bɛsɛe wɔn.