< সামসঙ্গীত 94 >

1 হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
אל-נקמות יהוה אל נקמות הופיע
2 হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
הנשא שפט הארץ השב גמול על-גאים
3 হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
עד-מתי רשעים יהוה עד-מתי רשעים יעלזו
4 তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
יביעו ידברו עתק יתאמרו כל-פעלי און
5 হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
עמך יהוה ידכאו ונחלתך יענו
6 বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
אלמנה וגר יהרגו ויתומים ירצחו
7 তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
ויאמרו לא יראה-יה ולא-יבין אלהי יעקב
8 হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
בינו בערים בעם וכסילים מתי תשכילו
9 যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
הנטע אזן הלא ישמע אם-יצר עין הלא יביט
10 ১০ যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
היסר גוים הלא יוכיח המלמד אדם דעת
11 ১১ যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।
יהוה--ידע מחשבות אדם כי-המה הבל
12 ১২ হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
אשרי הגבר אשר-תיסרנו יה ומתורתך תלמדנו
13 ১৩ যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।
להשקיט לו מימי רע-- עד יכרה לרשע שחת
14 ১৪ কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
כי לא-יטש יהוה עמו ונחלתו לא יעזב
15 ১৫ ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
כי-עד-צדק ישוב משפט ואחריו כל-ישרי-לב
16 ১৬ কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
מי-יקום לי עם-מרעים מי-יתיצב לי עם-פעלי און
17 ১৭ যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
לולי יהוה עזרתה לי-- כמעט שכנה דומה נפשי
18 ১৮ যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
אם-אמרתי מטה רגלי חסדך יהוה יסעדני
19 ১৯ মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
ברב שרעפי בקרבי-- תנחומיך ישעשעו נפשי
20 ২০ দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
היחברך כסא הוות יצר עמל עלי-חק
21 ২১ তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
יגודו על-נפש צדיק ודם נקי ירשיעו
22 ২২ কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
ויהי יהוה לי למשגב ואלהי לצור מחסי
23 ২৩ তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।
וישב עליהם את אונם-- וברעתם יצמיתם יצמיתם יהוה אלהינו

< সামসঙ্গীত 94 >