< সামসঙ্গীত 94 >
1 ১ হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
Ya Ubangiji, Allahn da yake ramuwa, Ya Allah wanda yake ramuwa, ka haskaka.
2 ২ হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
Ka tashi, ya Alƙalin duniya; ka sāka wa masu girman kai abin da ya dace da su.
3 ৩ হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
Har yaushe mugaye, ya Ubangiji har yaushe mugaye za su yi ta murna?
4 ৪ তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
Suna ta yin maganganun fariya; dukan masu aikata mugunta sun cika da fariya.
5 ৫ হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
Suna murƙushe mutanenka, ya Ubangiji; suna danne gādonka.
6 ৬ বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
Suna kashe gwauraye da kuma baƙi; suna kisan marayu.
7 ৭ তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
Suna ce, “Ubangiji ba ya gani; Allah na Yaƙub bai kula ba.”
8 ৮ হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
Ku mai da hankali, ku marasa azanci a cikin mutane; ku wawaye, yaushe za ku zama masu hikima?
9 ৯ যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
Shi da ya sa kunne ba don a ji ba ne? Shi da ya yi ido ba don yă gani ba ne?
10 ১০ যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
Shi da yake yi wa al’ummai horo ba ya hukunci ne? Shi da yake koya wa mutum ba shi da sani ne?
11 ১১ যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।
Ubangiji ya san tunanin mutum; ya san cewa tunaninsu banza ne.
12 ১২ হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
Mai albarka ne mutumin da ka yi masa horo, ya Ubangiji, mutumin da ka koyar daga dokarka;
13 ১৩ যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।
kana ba shi sauƙi a lokacin wahala, sai har an haƙa rami wa mugaye.
14 ১৪ কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
Gama Ubangiji ba zai ƙi mutanensa ba; ba zai taɓa yashe gādonsa ba.
15 ১৫ ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
Za a sāke kafa hukunci a kan adalci, kuma dukan masu adalci a zuciya za su bi shi.
16 ১৬ কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
Wane ne zai yi gāba da mugaye domina? Wane ne zai ɗauki matsayi ya yi gāba da masu aikata mugunta domina?
17 ১৭ যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
Da ba don Ubangiji ya yi mini taimako ba, da tuni na zauna shiru a wurin mutuwa.
18 ১৮ যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
Sa’ad da na ce, “Ƙafata na santsi,” ƙaunarka, ya Ubangiji, ta riƙe ni.
19 ১৯ মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
Sa’ad da alhini ya yi yawa a cikina, ta’aziyyarka ta kawo farin ciki wa raina.
20 ২০ দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
Zai yiwu kursiyin da ya cika da lalaci yă haɗa kai da kai, wanda yake kawo azaba ta wurin abin da ya zartar?
21 ২১ তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
Sun yi ƙungiya tare a kan mai adalci suka yanke wa marar laifi hukuncin mutuwa.
22 ২২ কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
Amma Ubangiji ya zama kagarata, Allahna kuma dutsen da nake samun mafaka.
23 ২৩ তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।
Zai sāka musu saboda zunubansu yă kuma hallaka su saboda muguntarsu; Ubangiji Allahnmu zai hallaka su.