< সামসঙ্গীত 93 >

1 যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
יהוה מלך גאות לבש לבש יהוה עז התאזר אף תכון תבל בל תמוט׃
2 তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
נכון כסאך מאז מעולם אתה׃
3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
נשאו נהרות יהוה נשאו נהרות קולם ישאו נהרות דכים׃
4 মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
מקלות מים רבים אדירים משברי ים אדיר במרום יהוה׃
5 তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।
עדתיך נאמנו מאד לביתך נאוה קדש יהוה לארך ימים׃

< সামসঙ্গীত 93 >