< সামসঙ্গীত 93 >
1 ১ যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
上主為王,以尊威作衣冠;上主身著德能,腰束大權。上主奠定了大地塵寰,大地塵寰不再搖撼;
2 ২ তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
您的寶座由太初即已建立,您的存在,從恆古即已開始。
3 ৩ হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
上主,江河已經揚波,江河已經澎湃怒號,江河已經似雷狂嘯。
4 ৪ মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
高天的上主具有大能,壓倒滔滔洪水巨聲,沖散汪洋大海波峰。
5 ৫ তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।
上主,您的約言萬分忠實可信,您的殿宇永遠應享神聖。