< সামসঙ্গীত 92 >
1 ১ যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
Ni jambo jema kumshukuru Yahwe na kuliimbia sifa jina lako, Uliye Juu,
2 ২ ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
kutangaza uaminifu wa agano lako wakati wa asubuhi na uaminifu wako kila usiku,
3 ৩ দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
kwa kinubi cha nyuzi kumi na kwa tuni ya kinubi.
4 ৪ কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
Kwa kuwa wewe, Yahwe, matendo yako yamenifurahisha. Nitaimba kwa furaha kwa sababu ya matendo ya mikono yako.
5 ৫ হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
Ni jinsi gani matendo yako ni makuu, Yahwe! mawazo yako ni ya kina.
6 ৬ নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
Mtu mpumbavu hawezi kuyajua, wala mjinga kuyaelewa haya:
7 ৭ দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
Wasio haki watakapochipuka kama nyasi, na hata watendao uovu watakapo stawi, bado wataangamizwa kwenye uharibifu wa milele.
8 ৮ কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
Lakini wewe, Yahwe, utatawala milele.
9 ৯ কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
Hakika, watazame adui zako, Yahwe! Hakika, watazame adui zako. Wataangamia! Wale wote watendao maovu watatawanywa.
10 ১০ কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
Wewe umeyainua mapembe yangu kama mapembe ya Nyati wa porini; nimepakwa mafuta safi.
11 ১১ মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
Macho yangu yameona kuanguka kwa adui zangu; masikio yangu yamesikia maangamizi ya maadui zangu waovu.
12 ১২ ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
Wenye haki watastawi kama mtende; watakua kama mwerezi wa Lebanoni.
13 ১৩ তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
Wamepandwa katika nyumba ya Yahwe; wakistawi katika nyua za Mungu wetu.
14 ১৪ তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
Wao huzaa matunda hata uzeeni; hukaa safi na wenye afya,
15 ১৫ তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
kutangaza kuwa Yahwe ni wa haki. Yeye ni mwamba wangu, na hakuna udhalimu ndani yake.