< সামসঙ্গীত 92 >
1 ১ যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
Zsoltár, ének szombat napra. Jó dolog dicsérni az Urat, és éneket mondani a te nevednek, oh Felséges!
2 ২ ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
Hirdetni jó reggel a te kegyelmedet, és éjjelente a te hűséges voltodat.
3 ৩ দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
Tíz húrú hegedűvel és lanttal, hárfán való zengedezéssel.
4 ৪ কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
Mert megvidámítottál engem Uram a te cselekedeteddel, a te kezednek műveiben örvendezem.
5 ৫ হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
Mely nagyok Uram a te műveid, igen mélységesek a te gondolataid!
6 ৬ নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
A balgatag ember nem tudja, a bolond pedig nem érti meg ezt:
7 ৭ দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
Hogy mikor felsarjaznak a gonoszok, mint a fű, és virágoznak mind a hamisság cselekedők, mindörökké elveszszenek ők;
8 ৮ কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
Te pedig Uram, magasságos vagy örökké!
9 ৯ কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
Mert ímé, a te ellenségeid elvesznek, és elszélednek mind a hamisság cselekedők!
10 ১০ কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
De magasra növeszted az én szarvamat, mint az egyszarvúét; elárasztatom csillogó olajjal.
11 ১১ মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
És legeltetem szememet az én ellenségeimen, és az ellenem támadó gonosztevőkön mulat majd a fülem.
12 ১২ ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
Az igaz virágzik, mint a pálmafa, növekedik, mint a czédrus a Libánonon.
13 ১৩ তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
Plánták ők az Úrnak házában; a mi Istenünknek tornáczaiban virágzanak.
14 ১৪ তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
Még a vén korban is gyümölcsöznek; kövérek és zöldellők lesznek;
15 ১৫ তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
Hogy hirdessék, hogy igazságos az Úr, az én kősziklám, és hogy nincsen hamisság benne!