< সামসঙ্গীত 90 >
1 ১ হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
Господе! Ти си нам уточиште од колења до колења.
2 ২ পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Пре него се горе родише и сазда се земља и васиљена, и од века довека, Ти си Бог.
3 ৩ তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।
Ти враћаш човека у трулеж, и говориш: Вратите се синови људски!
4 ৪ তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
Јер је хиљада година пред очима Твојим као дан јучерашњи, кад мине, и као стража ноћна.
5 ৫ তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এটা সপোনৰ নিচিনা; যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
Ти их као поводњем односиш; они су као сан, као трава, која рано вене,
6 ৬ ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
Ујутру цвета и увене, увече се покоси и сасуши.
7 ৭ তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ।
Јер нас нестаје од гнева Твог, и од јарости Твоје у сметњи смо.
8 ৮ তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
Ставио си безакоња наша преда се, и тајне наше на светлост лица свог.
9 ৯ তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়; নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
Сви се дани наши прекраћују од срдње Твоје, године наше пролазе као глас.
10 ১০ আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
Дана година наших свега има до седамдесет година, а у јачег до осамдесет година: и сам је цвет њихов мука и невоља; јер теку брзо, и ми одлећемо.
11 ১১ তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
Ко зна силу гнева Твог и Твоју јарост, да би Те се као што треба бојао?
12 ১২ সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
Научи нас тако бројати дане наше, да бисмо стекли срце мудро.
13 ১৩ হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
Поврати се, Господе! Докле ћеш? Смилуј се на слуге своје.
14 ১৪ পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
Ујутру нас насити доброте своје, и радоваћемо се и веселити у све дане своје.
15 ১৫ যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
Обрадуј нас према данима, у које си нас мучио, и према годинама, у које смо гледали невољу.
16 ১৬ তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম, আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
Нека се покаже на слугама Твојим дело Твоје, и слава Твоја на синовима њиховим.
17 ১৭ আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক; তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা; হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।
Нека буде добра воља Господа Бога нашег с нама, и дело руку наших доврши нам, и дело руку наших доврши.