< সামসঙ্গীত 90 >

1 হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
Addu’ar Musa Mutumin Allah. Ubangiji kai ne mazauninmu cikin dukan zamanai.
2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Kafin a haifi duwatsu ko a fid da ƙasa da duniya, daga madawwami zuwa madawwami kai Allah ne.
3 তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।
Ka komar da mutane zuwa ƙura, kana cewa, “Ku koma ƙura, ya ku’ya’yan mutane.”
4 তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
Gama shekaru dubu a gabanka kamar kwana ɗaya ne da ya wuce, ko sa’a guda na dare.
5 তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এটা সপোনৰ নিচিনা; যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
Ka share mutane cikin barcin mutuwa; suna kama da sabuwa ciyawar safiya,
6 ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
ko da yake da safe takan yi sabuwar huda da yamma sai ta bushe ta kuma yanƙwane.
7 তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ।
An cinye mu ta wurin fushinka mun kuma razana ta wurin hasalarka.
8 তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
Ka ajiye laifinmu a gabanka, asirin zunubanmu a hasken kasancewarka.
9 তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়; নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
Dukan kwanakinmu sun wuce ƙarƙashin fushinka; mun gama shekarunmu da nishi.
10 ১০ আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
Tsawon kwanakinmu shekaru saba’in ne, ko tamanin, in muna da ƙarfi; duk da haka tsawonsu wahaloli ne kawai da ɓacin rai, gama da sauri suke wucewa, ta mu kuma ta ƙare.
11 ১১ তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
Wa ya san ƙarfin fushinka? Gama hasalarka tana da girma kamar tsoron da ya dace da kai.
12 ১২ সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
Ka koya mana yawan kwanakinmu daidai, don mu sami zuciyar hikima.
13 ১৩ হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
Ka ji mu, ya Ubangiji! Har yaushe zai ci gaba? Ka ji tausayin bayinka.
14 ১৪ পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
Ka ƙosar da mu da safe da ƙaunarka marar ƙarewa, don mu rera don yabo, mu kuma yi murna dukan kwanakinmu.
15 ১৫ যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
Faranta mana zuciya kamar yawan kwanakin da muka sha azaba, kamar yawan shekarun da muka ga wahala.
16 ১৬ তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম, আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
Bari a nuna ayyukanka ga bayinka, darajarka ga’ya’yansu.
17 ১৭ আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক; তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা; হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।
Bari alherin shugabanmu Allah yă kasance a kanmu; ka albarkaci mana aikin hannuwanmu, I, ka albarkaci aikin hannuwanmu.

< সামসঙ্গীত 90 >