< সামসঙ্গীত 89 >
1 ১ মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
Psalmus, Intellectus Ethan Israelitae. Misericordias Domini in aeternum cantabo. In generatione et generationem annunciabo veritatem tuam in ore meo.
2 ২ মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
Quoniam dixisti: In aeternum misericordia aedificabitur in caelis: praeparabitur veritas tua in eis.
3 ৩ তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
Disposui testamentum electis meis, iuravi David servo meo:
4 ৪ ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)
usque in aeternum praeparabo semen tuum. Et aedificabo in generatione, et generationem sedem tuam.
5 ৫ হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
Confitebuntur caeli mirabilia tua Domine: etenim veritatem tuam in ecclesia sanctorum.
6 ৬ আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
Quoniam quis in nubibus aequabitur Domino: similis erit Deo in filiis Dei?
7 ৭ পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
Deus, qui glorificatur in concilio sanctorum: magnus et terribilis super omnes qui in circuitu eius sunt.
8 ৮ হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
Domine Deus virtutum quis similis tibi? potens es Domine, et veritas tua in circuitu tuo.
9 ৯ তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
Tu dominaris potestati maris: motum autem fluctuum eius tu mitigas.
10 ১০ তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
Tu humiliasti sicut vulneratum, superbum: in brachio virtutis tuae dispersisti inimicos tuos.
11 ১১ আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
Tui sunt caeli, et tua est terra, orbem terrae et plenitudinem eius tu fundasti:
12 ১২ উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
aquilonem, et mare tu creasti. Thabor et Hermon in nomine tuo exultabunt:
13 ১৩ তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
tuum brachium cum potentia. Firmetur manus tua, et exaltetur dextera tua:
14 ১৪ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
iustitia et iudicium praeparatio sedis tuae. Misericordia et veritas praecedent faciem tuam:
15 ১৫ ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
beatus populus, qui scit iubilationem. Domine, in lumine vultus tui ambulabunt,
16 ১৬ ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
et in nomine tuo exultabunt tota die: et in iustitia tua exaltabuntur.
17 ১৭ তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
Quoniam gloria virtutis eorum tu es: et in beneplacito tuo exaltabitur cornu nostrum.
18 ১৮ আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
Quia Domini est assumptio nostra: et sancti Israel regis nostri.
19 ১৯ এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
Tunc locutus es in visione sanctis tuis, et dixisti: Posui adiutorium in potente: et exaltavi electum de plebe mea.
20 ২০ মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Inveni David servum meum: oleo sancto meo unxi eum.
21 ২১ মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
Manus enim mea auxiliabitur ei: et brachium meum confortabit eum.
22 ২২ কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
Nihil proficiet inimicus in eo, et filius iniquitatis non apponet nocere ei.
23 ২৩ মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
Et concidam a facie ipsius inimicos eius: et odientes eum in fugam convertam.
24 ২৪ মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
Et veritas mea, et misericordia mea cum ipso: et in nomine meo exaltabitur cornu eius.
25 ২৫ মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
Et ponam in mari manum eius: et in fluminibus dexteram eius.
26 ২৬ তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
Ipse invocabit me: Pater meus es tu: Deus meus, et susceptor salutis meae:
27 ২৭ মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
Et ego primogenitum ponam illum excelsum prae regibus terrae.
28 ২৮ তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
In aeternum servabo illi misericordiam meam: et testamentum meum fidele ipsi.
29 ২৯ মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
Et ponam in saeculum saeculi semen eius: et thronum eius sicut dies caeli.
30 ৩০ তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
Si autem dereliquerint filii eius legem meam: et in iudiciis meis non ambulaverint:
31 ৩১ যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
Si iustitias meas profanaverint: et mandata mea non custodierint:
32 ৩২ তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
Visitabo in virga iniquitates eorum: et in verberibus peccata eorum.
33 ৩৩ কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
Misericordiam autem meam non dispergam ab eo: neque nocebo in veritate mea:
34 ৩৪ মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
Neque prophanabo testamentum meum: et quae procedunt de labiis meis non faciam irrita.
35 ৩৫ মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
Semel iuravi in sancto meo, si David mentiar:
36 ৩৬ তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
semen eius in aeternum manebit. Et thronus eius sicut Sol in conspectu meo,
37 ৩৭ সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
et sicut Luna perfecta in aeternum: et testis in caelo fidelis.
38 ৩৮ কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
Tu vero repulisti et despexisti: distulisti Christum tuum.
39 ৩৯ তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
Evertisti testamentum servi tui: prophanasti in terra Sanctuarium eius.
40 ৪০ তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
Destruxisti omnes sepes eius: posuisti firmamentum eius formidinem.
41 ৪১ তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
Diripuerunt eum omnes transeuntes viam: factus est opprobrium vicinis suis.
42 ৪২ তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
Exaltasti dexteram deprimentium eum: laetificasti omnes inimicos eius.
43 ৪৩ তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
Avertisti adiutorium gladii eius: et non es auxiliatus ei in bello.
44 ৪৪ তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
Destruxisti eum ab emundatione: et sedem eius in terram collisisti.
45 ৪৫ তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
Minorasti dies temporis eius: perfudisti eum confusione.
46 ৪৬ হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
Usquequo Domine avertis in finem: exardescet sicut ignis ira tua?
47 ৪৭ মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
Memorare quae mea substantia: numquid enim vane constituisti omnes filios hominum?
48 ৪৮ কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা) (Sheol )
Quis est homo, qui vivet, et non videbit mortem: eruet animam suam de manu inferi? (Sheol )
49 ৪৯ হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
Ubi sunt misericordiae tuae antiquae Domine, sicut iurasti David in veritate tua?
50 ৫০ হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
Memor esto Domine opprobrii servorum tuorum (quod continui in sinu meo) multarum gentium.
51 ৫১ হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
Quod exprobraverunt inimici tui Domine, quod exprobraverunt commutationem Christi tui.
52 ৫২ যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।
Benedictus Dominus in aeternum: fiat, fiat.