< সামসঙ্গীত 87 >

1 যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
Of [the] sons of Korah a psalm a song foundation his [is] among [the] mountains of holiness.
2 যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
[is] loving Yahweh [the] gates of Zion more than all [the] dwelling places of Jacob.
3 হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)
Glorious [things] [is] spoken in you O city of God (Selah)
4 “মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
I will bring to remembrance - Rahab and Babylon to [those who] know me there! Philistia and Tyre with Cush this one it was born there.
5 এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
And of Zion - it will be said a person and a person he was born in it and he he will establish it [the] Most High.
6 যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)
Yahweh he will count when records peoples this one he was born there (Selah)
7 গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”
And singers like pipers all springs my [are] in you.

< সামসঙ্গীত 87 >