< সামসঙ্গীত 86 >
1 ১ হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
A Prayer. David’s. Bow down, O Yahweh, thine ear—answer me, For, oppressed and needy, am I;
2 ২ মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
O guard my life, For, a man of lovingkindness, am I, —Save thy servant, O thou my God, [Thy servant] who trusteth in thee;
3 ৩ হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
Show me favour, O My Lord, For, unto thee, do I cry, all the day;
4 ৪ তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
Rejoice the soul of thy servant, For, unto thee, O My Lord, my soul, do I lift.
5 ৫ হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
For, thou, O My Lord, art good and forgiving, And abundant in lovingkindness, to all who call upon thee.
6 ৬ হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
Give ear, O Yahweh, unto my prayer, And attend unto the voice of my supplications.
7 ৭ সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।
In the day of my distress, will I call upon thee, For thou wilt answer me.
8 ৮ হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
There is none like unto thee, among the gods, O My Lord, And nothing like thy works.
9 ৯ হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
All nations whom thou hast made, Shall come in and bow down before thee, O My Lord, That they may glorify thy Name.
10 ১০ কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
For great thou art, and doest wondrous things, Thou, O God, of thyself alone.
11 ১১ হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
Point out to me, O Yahweh, thy way, I will walk steadfastly in thy truth, My heart will rejoice to revere thy Name.
12 ১২ হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
I will give thee thanks, Adonay, my God, with all my heart, And will glorify thy Name unto times age-abiding.
13 ১৩ কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। (Sheol )
For, thy lovingkindness, is great towards me, And thou hast rescued my soul from Hades beneath. (Sheol )
14 ১৪ হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
O God, the insolent, have arisen against me, And, the assembly of tyrants, have sought my life, And have not set thee before them.
15 ১৫ কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
But, thou, O My Lord, art, A God of compassion and favour, Slow to anger, and abundant in lovingkindness a faithfulness.
16 ১৬ তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
Turn thou unto me, and show me favour, —Give thy strength to thy servant, And save the son of thy handmaid.
17 ১৭ মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।
Perform with me a token for good, —That they who hate me may see and be ashamed, In that, thou, Yahweh, hast helped me and comforted me.