< সামসঙ্গীত 84 >

1 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!
Ni jinsi gani maskani yako yapendeza, Ewe Yahwe wa Majeshi!
2 যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।
Ninashauku ya kuingia nyumbani mwa Yahwe, nimechoka sana kwa sababu ninatamani sana kuwa nyumani mwako. Moyo wangu na mwili wangu wote wakuita wewe Mungu uliye hai.
3 হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।
Hata Shomoro naye amepata nyumba yake na mbayuwayu amejipatia kiota kwa ajili yake mwenyewe mahali awezapo aweza kuweka makinda yake karibu na madhabahu yako, Ee Yahwe wa majeshi, Mfalme wangu, na Mungu wangu.
4 ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)
Wamebarikiwa wale ambao huishi katika nyumba yako; nao hukusifu wewe siku zote. (Selah)
5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
Amebarikiwa mtu yule ambaye nguvu zake ziko katika wewe, katika moyo wake mna njia kuu ziendazo mpaka Sayuni.
6 শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।
Wanapopita katika bonde la machozi, hupata chemchem ya maji kwa ajili ya kunywa. Mvua ya vuli hulivika baraka.
7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
Huendelea toka nguvu hadi nguvu; kila mmoja wao katika sayuni huonekana mbele ya Mungu.
8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা)
Yahwe Mungu wa majeshi, sikia maombi yangu; Mungu wa Yakobo, usikilize nisemacho! (Selah)
9 হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা; তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।
Ee Mungu, uiangalie ngao yetu; uwaangalie wapakwa mafuta wako.
10 ১০ কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।
Kwa maana siku moja katika nyumba yako ni bora kuliko siku elfu mahali pengine. Ni bora niwe mlinzi wa mlango katika nyumba ya Mungu wangu, kuliko kuishi katika mahema ya waovu.
11 ১১ কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
Kwa kuwa Yahwe Mungu ni jua letu na ngao yetu; Yahwe atatoa neema na utukufu; hazuii zuri lolote kwa wale ambao hutembea katika uadilifu.
12 ১২ হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।
Yahwe wa majeshi, amebarikiwa mtu yule anaye kutumainia wewe.

< সামসঙ্গীত 84 >