< সামসঙ্গীত 83 >
1 ১ হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
Асафова псаломска песен. Боже, недей мълча; Не премълчавай, нито бивай безмълвен, Боже;
2 ২ চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।
Защото, ето, враговете Ти правят размирие, И ненавистниците Ти са издигнали глава.
3 ৩ তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
Коварен съвет правят против Твоите люде, И се наговарят против скритите Твои.
4 ৪ তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
Рекох: Елате да ги изтребим, за да не са народ, И да се не споменава вече името на Израиля.
5 ৫ তেওঁলোক একমনা হৈ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
Защото единодушно се съгласиха заедно, Направиха съюз против Тебе,
6 ৬ তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল,
Шатрите на Едом и исмаилите; Моав и агаряните.
7 ৭ গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
Гевал, Амон и Амалик, Филистимците с тирските жители;
8 ৮ অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।
Още и Асирия се съедини с тях, Станаха помощници на Лотовите потомци. (Села)
9 ৯ তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।
Стори им като на мадиамците, Като на Сисара, като на Якова при потока Кисон,
10 ১০ চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।
Които загинаха в Ендор, Ставайки тор на земята.
11 ১১ তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
Направи благородните им като Орива и Зива, Дори всичките им първенци като Зевея и Салмана,
12 ১২ তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”
Които рекоха: Да усвоим за себе си Божиите заселища.
13 ১৩ হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
Боже мой, направи ги като въртящия се прах, Като плява пред вятъра.
14 ১৪ বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
Както огънят изгаря лесовете, И както пламъкът запалва горите.
15 ১৫ সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
Така ги прогони с урагана Си, И смути ги с бурята Си.
16 ১৬ হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,
Покрий лицата им с позор, За да потърсят Твоето име, Господи.
17 ১৭ তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণ ভাৱে আতঙ্কিত হওঁক; তেওঁলোক অপমানিত হৈ বিনষ্ট হওক।
Нека се посрамят и ужасят за винаги, Да! нека се смутят и погинат,
18 ১৮ তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
За да познаят, че Ти, Чието име е Иеова, Един си Всевишен над цялата земя.