< সামসঙ্গীত 82 >
1 ১ ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
Psalmo de Asaf. Dio stariĝis en Dia anaro; Inter la dioj Li juĝas.
2 ২ “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
Ĝis kiam vi juĝos maljuste, Kaj privilegios la personojn de malvirtuloj? (Sela)
3 ৩ তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
Estu justaj al malriĉulo kaj orfo; Rilate afliktiton kaj senhavulon estu virtaj.
4 ৪ দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
Liberigu malriĉulon kaj mizerulon; El la mano de malvirtulo ilin savu.
5 ৫ তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
Ili ne scias kaj ne komprenas, En mallumo ili marŝas; Ekŝanceliĝis ĉiuj fundamentoj de la tero.
6 ৬ মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
Mi diris: Vi estas dioj, Kaj ĉiuj vi estas filoj de la Plejaltulo;
7 ৭ কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
Sed vi mortos, kiel homoj, Kaj vi falos, kiel ĉiu el la potenculoj.
8 ৮ হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
Leviĝu, ho Dio, juĝu la teron; Ĉar Vi heredas ĉiujn popolojn.