< সামসঙ্গীত 82 >

1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
詠【警告為民長者】阿撒夫的詩歌。 天主親臨眾神的會議,在眾神之中主張公理:
2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
你們不正義審理,偏袒惡人要到何時? (休止)
3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
你們應保護受苦的人和孤兒,為貧窮與可憐的人主持正義。
4 দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
應拯救弱小及窮苦的人,由惡人的爪牙拯救他們。
5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
他們原本無知無識,在暗中摸索,卻把大地的一切根基動搖。
6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
我親自說過:你們都是神,眾人都是至高者的子民。
7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
但是你們必要死亡像眾人一樣,必要消失像任何一位王侯一樣。
8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
天主,求您起來審判下土,因為萬國都應由您佔據。

< সামসঙ্গীত 82 >