< সামসঙ্গীত 82 >

1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
Salimo la Asafu. Mulungu akutsogolera msonkhano waukulu; Iye akuweruza pakati pa “milungu.”
2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
“Mudzateteza osalungama mpaka liti, ndi kukondera anthu oyipa?
3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
Tetezani anthu ofowoka ndi amasiye; mukhazikitse ufulu wa anthu osauka ndi ozunzika.
4 দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
Landitsani anthu ofowoka ndi osowa; apulumutseni mʼdzanja la anthu oyipa.
5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
“Iwo sadziwa kanthu, sazindikira kalikonse. Amayendayenda mu mdima; maziko onse a dziko lapansi agwedezeka.
6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
“Ndinati, ‘Inu ndinu Mulungu, nonsenu ndinu ana a Wammwambamwamba.’
7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
Koma mudzafa ngati anthu wamba; mudzagwa ngati wolamula wina aliyense.”
8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
Dzukani Inu Mulungu, weruzani dziko lapansi, pakuti mayiko onse ndi cholowa chanu.

< সামসঙ্গীত 82 >