< সামসঙ্গীত 81 >
1 ১ আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
Načelniku godbe pri Gitaji, pesem Asafu. Pojte Bogu, móči naši, vpijte Bogu Jakobovemu.
2 ২ গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
Primite psalmovanje in vzemite boben, strune prijetne in brenklje.
3 ৩ ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
Trobite o mlaji, o vseh stalnih praznikih, o godovih naših.
4 ৪ কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
Ker ustanovljeno je v Izraelu, postava od Boga Jakobovega,
5 ৫ যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
Kateri jo je za pričanje postavil v Jožefu, ko je šel proti deželi Egiptovski, kjer sem slišal govor neznan;
6 ৬ “মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
"Odtegnil sem", pravi, od bremena ramo njegovo; roke njegove ločile so se od čebriča.
7 ৭ তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
Ko si vpil v oni stiski, rešil sem te, uslišal sem te v gromovem zakotji; izkušal sem te do vodâ Meribskih.
8 ৮ হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
Poslušaj, ljudstvo moje, in spričeval ti bodem, o Izrael, ako me bodeš poslušal.
9 ৯ তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
Ako ne bode v tebi boga mogočnega tujega, in se ne bodeš klanjal bogu mogočnemu tujerodnemu.
10 ১০ ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
Jaz sem Gospod, Bog tvoj, ki sem dal, da si prišel gor iz dežele Egiptovske; razširi usta svoja in napolnim jih.
11 ১১ কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
Ali ljudstvo moje ni poslušalo glasu mojega, in Izrael mi ni bil pokoren.
12 ১২ সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
Zatorej sem jih izpustil, da naj hodijo po srca svojega volji, govoreč: Gredó naj sè svojimi krivimi naklepi.
13 ১৩ হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!
O ko bi me bilo poslušalo ljudstvo moje, ko bi bili Izraelci hodili po mojih potih!
14 ১৪ তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!
Kar mahoma bi bil potlačil njih neprijatelje, ko bi bil v njih sovražnike obrnil roko svojo.
15 ১৫ যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
Sovražniki Gospodovi bi se bili lažnjivo vdali njemu, in njih čas bi bil vekomaj.
16 ১৬ কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”
Dà, živil bi ga bil z maščobo pšenično, tudi z medom iz skale bi te bil sitil.