< সামসঙ্গীত 81 >

1 আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
В конец, о точилех, псалом Асафу. Радуйтеся Богу помощнику нашему, воскликните Богу Иаковлю:
2 গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
приимите псалом и дадите тимпан, псалтирь красен с гусльми:
3 ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
вострубите в новомесячии трубою, во благознаменитый день праздника вашего:
4 কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
яко повеление Израилеви есть, и судба Богу Иаковлю.
5 যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
Свидение во Иосифе положи е, внегда изыти ему от земли Египетския: языка, егоже не ведяше, услыша.
6 “মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
Отят от бремене хребет его: руце его в коши поработасте.
7 তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
В скорби призвал Мя еси, и избавих тя: услышах тя в тайне бурне: искусих тя на воде Пререкания.
8 হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
Слышите, людие Мои, и засвидетелствую вам, Израилю, аще послушаеши Мене:
9 তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
не будет тебе бог нов, ниже поклонишися богу чуждему.
10 ১০ ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
Аз бо есмь Господь Бог твой, изведый тя от земли Египетския: разшири уста твоя, и исполню я.
11 ১১ কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
И не послушаша людие Мои гласа Моего, и Израиль не внят Ми:
12 ১২ সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
и отпустих я по начинанием сердец их, пойдут в начинаниих своих.
13 ১৩ হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!
Аще быша людие Мои послушали Мене, Израиль аще бы в пути Моя ходил:
14 ১৪ তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!
ни о чесомже убо враги его смирил бых, и на оскорбляющыя их возложил бых руку Мою.
15 ১৫ যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
Врази Господни солгаша ему, и будет время их в век:
16 ১৬ কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”
и напита их от тука пшенична, и от камене меда насыти их.

< সামসঙ্গীত 81 >