< সামসঙ্গীত 80 >
1 ১ হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Пастире Израиљев, чуј! Који водиш синове Јосифове као овце, који седиш на херувимима, јави се!
2 ২ তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা, আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।
Пред Јефремом и Венијамином и Манасијом пробуди крепост своју, и ходи да нам помогнеш.
3 ৩ হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Боже! Поврати нас, нека засја лице Твоје да се спасемо!
4 ৪ হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
Господе, Боже над војскама! Докле ћеш се гневити кад Те моли народ Твој?
5 ৫ তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
Храниш их хлебом сузним, и појиш их сузама троструком мером.
6 ৬ তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
Учинио си да се око нас свађају суседи наши, и непријатељи се наши смеју међу собом.
7 ৭ হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Боже над војскама! Поврати нас, нека засја лице Твоје да се спасемо!
8 ৮ তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
Из Мисира си пренео чокот, изагнао народе, и посадио га.
9 ৯ তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
Окрчио си за њ, и он пусти жиле, и заузе сву земљу.
10 ১০ তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
Горе се покрише његовим сеном, и лозе су му као кедри Божији.
11 ১১ সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
Пустио је лозе своје до мора и огранке своје до реке.
12 ১২ তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
Зашто си му развалио ограду, да га кида ко год прође?
13 ১৩ বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।
Горски вепар подгриза га, и пољска звер једе га.
14 ১৪ হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহাঁ; স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখ-ভাল কৰা,
Боже над војскама! Обрати се, погледај с неба и види, и обиђи виноград овај,
15 ১৫ যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
Сад овај, који је посадила десница Твоја, и сина ког си укрепио себи!
16 ১৬ সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
Попаљен је огњем, исечен, од страшног погледа Твог пропаде.
17 ১৭ কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা; হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।
Нека буде рука Твоја над човеком деснице Твоје, над сином човечијим ког си утврдио себи!
18 ১৮ তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম; তুমি আমাক পুনৰ জীৱন দিয়া, আমি তোমাৰ নামত নিবেদন কৰিম।
И нећемо одступити од Тебе, оживи нас, и име Твоје призиваћемо.
19 ১৯ হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Господе, Боже над војскама! Поврати нас, нека засја лице Твоје, да се спасемо!