< সামসঙ্গীত 8 >

1 হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
Fún adarí orin. Gẹ́gẹ́ bí ti gittiti. Saamu ti Dafidi. Olúwa, Olúwa wa, orúkọ rẹ̀ ti ní ìyìn tó ní gbogbo ayé! Ìwọ ti gbé ògo rẹ ga ju àwọn ọ̀run lọ.
2 শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
Láti ẹnu ọmọ ọwọ́ àti ọmọ ọmú ni o ti yan ìyìn nítorí àwọn ọ̀tá rẹ, láti pa àwọn ọ̀tá àti àwọn olùgbẹ̀san lẹ́nu mọ́.
3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Nígbà tí mo ro ọ̀run rẹ, iṣẹ́ ìka rẹ, òṣùpá àti ìràwọ̀, tí ìwọ tí gbé kalẹ̀,
4 তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
kí ni ènìyàn tí ìwọ ń rò nípa rẹ̀, àní ọmọ ènìyàn tí ìwọ ń ṣe ìtọ́jú rẹ̀?
5 কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
Ìwọ ṣe é ní onírẹ̀lẹ̀ díẹ̀ ju Ọlọ́run lọ, ìwọ sì dé e ní adé ògo àti ọlá.
6 তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
Ìwọ mú un jẹ ọba lórí gbogbo iṣẹ́ ọwọ́ rẹ; ìwọ sì fi ohun gbogbo sí abẹ́ ẹsẹ̀ rẹ̀:
7 মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
àwọn agbo àgùntàn àti àwọn màlúù, àti ẹranko igbó,
8 আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
ẹyẹ ojú ọrun, àti ẹja inú Òkun, àti ohun tí ń wẹ nínú ipa Òkun.
9 হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
Olúwa, Olúwa wa, orúkọ rẹ ti ní ìyìn tó ní gbogbo ayé!

< সামসঙ্গীত 8 >