< সামসঙ্গীত 8 >
1 ১ হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
Gospode, Gospode naš! kako je velièanstveno ime tvoje po svoj zemlji! Podigao si slavu svoju više nebesa.
2 ২ শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
U ustima male djece i koja sisaju èiniš sebi hvalu nasuprot neprijateljima svojim, da bi uèinio da zamukne neprijatelj i nemirnik.
3 ৩ যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Kad pogledam nebesa tvoja, djelo prsta tvojih, mjesec i zvijezde, koje si ti postavio;
4 ৪ তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
Šta je èovjek, te ga se opominješ, ili sin èovjeèji, te ga polaziš?
5 ৫ কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
Uèinio si ga malo manjega od anðela, slavom i èašæu vjenèao si ga;
6 ৬ তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
Postavio si ga gospodarom nad djelima ruku svojih, sve si metnuo pod noge njegove,
7 ৭ মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
Ovce i volove sve, i divlje zvjerinje,
8 ৮ আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
Ptice nebeske i ribe morske, što god ide morskim putovima.
9 ৯ হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
Gospode, Gospode naš! kako je velièanstveno ime tvoje po svoj zemlji!