< সামসঙ্গীত 78 >
1 ১ হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা।
Maskili ti Asafu. Ẹ̀yin ènìyàn mi, ẹ gbọ́ ẹ̀kọ́ mi; tẹ́tí rẹ sí ọ̀rọ̀ ẹnu mi.
2 ২ মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
Èmi ó la ẹnu mi ní òwe, èmi o sọ ohun ìkọ̀kọ̀, ohun ti ọjọ́ pípẹ́;
3 ৩ এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
ohun tí a ti gbọ́ tí a sì ti mọ̀, ohun tí àwọn baba wa ti sọ fún wa.
4 ৪ তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
Àwa kì yóò pa wọ́n mọ́ kúrò lọ́dọ̀ àwọn ọmọ, ní fífi ìyìn Olúwa, àti ipa rẹ̀ àti iṣẹ́ ìyanu tó ti ṣe hàn fún ìran tí ń bọ̀.
5 ৫ কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
Ó gbé ẹ̀rí kalẹ̀ ní Jakọbu o sì fìdí àṣẹ múlẹ̀ ní Israẹli, èyí tí ó pàṣẹ fún àwọn baba ńlá wa láti kọ́ àwọn ọmọ wọn,
6 ৬ যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
nítorí náà, àwọn ìran tí ń bọ̀ yóò mọ̀ wọ́n bẹ́ẹ̀ ni àwọn ọmọ tí a kò tí ì bí tí yóò dìde tí wọn yóò sọ fún àwọn ọmọ wọn.
7 ৭ তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
Nígbà náà ni wọ́n ò fi ìgbẹ́kẹ̀lé wọn sínú Ọlọ́run wọn kò sì ní gbàgbé iṣẹ́ Ọlọ́run ṣùgbọ́n wọn ó pa àṣẹ rẹ̀ mọ́.
8 ৮ তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
Kí wọn kí ó má ṣe dàbí àwọn baba ńlá wọn, ìran alágídí àti ọlọ́tẹ̀, ìran tí ọkàn wọn kò ṣọ òtítọ́ si olóore, àti ẹ̀mí ẹni tí kò bá Ọlọ́run dúró ṣinṣin.
9 ৯ ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
Àwọn ọkùnrin Efraimu, tí ó há mọ́ ọ tí wọ́n mú ọrun, wọ́n yípadà ní ọjọ́ ogun
10 ১০ তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
Wọn kò pa májẹ̀mú Ọlọ́run mọ́ wọn sì kọ̀ láti máa gbé nínú òfin rẹ̀.
11 ১১ তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
Wọ́n gbàgbé ohun tí ó ti ṣe, àwọn ìyanu tí ó ti fihàn wọ́n.
12 ১২ ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
Ó ṣe ìyanu níwájú àwọn baba wọn ní ilẹ̀ Ejibiti, ní agbègbè Ṣoani.
13 ১৩ তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।
Ó pín òkun ní yà, ó sì mú wọn kọjá Ó mù kí omi náà dúró bi odi gíga.
14 ১৪ দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
Ní ọ̀sán, ó fi ìkùùkuu àwọsánmọ̀ ṣe amọ̀nà wọn àti ní gbogbo òru pẹ̀lú ìmọ́lẹ̀ iná.
15 ১৫ মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
Ó sán àpáta ní aginjù ó sì fún wọn ní omi mímu lọ́pọ̀lọ́pọ̀ bí ẹni pé láti inú ibú wá.
16 ১৬ তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
Ó mú ìṣàn omi jáde láti inú àpáta omi ṣíṣàn sílẹ̀ gẹ́gẹ́ bí odò.
17 ১৭ কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
Wọ́n sì tún tẹ̀síwájú láti dẹ́ṣẹ̀ sí i ní ìṣọ̀tẹ̀ sí Ọ̀gá-ògo ní aginjù.
18 ১৮ তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
Wọ́n mọ̀ ọ́n mọ̀ dán Ọlọ́run wò nípa bíbéèrè fún oúnjẹ tí wọn bẹ̀bẹ̀ fún.
19 ১৯ তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
Wọ́n sọ̀rọ̀-òdì sí Ọlọ́run, wí pé “Ọlọ́run ha lè tẹ́ tábìlì ní aginjù?
20 ২০ তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
Nígbà tí ó lu àpáta, omi tú jáde, odò sì sàn lọ́pọ̀lọ́pọ̀ ṣùgbọ́n òun ha lè fún wa lóúnjẹ ó ha le pèsè ẹran fún àwọn ènìyàn rẹ̀?”
21 ২১ এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;
Nígbà tí Olúwa gbọ́ wọn, ó bínú gidigidi; iná rẹ̀ sọ̀kalẹ̀ sí Jakọbu, ìbínú rẹ̀ sì rú sí Israẹli,
22 ২২ কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
nítorí wọn kò gba Ọlọ́run gbọ́, wọn kò sì gbẹ́kẹ̀lé ìgbàlà rẹ̀.
23 ২৩ তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
Síbẹ̀ ó pàṣẹ fún ìràwọ̀ ojú ọ̀run, ó sì ṣí ìlẹ̀kùn ọ̀run sílẹ̀;
24 ২৪ লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
Ó rọ manna fún àwọn ènìyàn láti jẹ, ó fún wọn ní ọkà láti ọ̀run.
25 ২৫ মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
Àwọn ènìyàn jẹ oúnjẹ àwọn angẹli; Ó fún wọn ní oúnjẹ ní àjẹyó,
26 ২৬ তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
Ó mú afẹ́fẹ́ ìlà-oòrùn láti ọ̀run wá ó mú afẹ́fẹ́ gúúsù wá nípa agbára rẹ̀.
27 ২৭ তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
Ó rọ òjò ẹran sílẹ̀ sórí wọn bí erùpẹ̀ ilẹ̀, àti ẹyẹ abìyẹ́ gẹ́gẹ́ bí iyanrìn etí òkun
28 ২৮ তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।
Ó jẹ́ kí wọn jáde ní ibùdó wọn, yíká àgọ́ wọn.
29 ২৯ তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
Wọ́n jẹ, wọ́n sì yó jọjọ nítorí ó ti fún wọn ní ohun tí wọn fìtara bẹ̀bẹ̀ fún.
30 ৩০ কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
Ṣùgbọ́n wọn kò kúrò nínú oúnjẹ tí wọn fìtara bẹ̀bẹ̀ fún, nígbà tí oúnjẹ wọn sì wà ní ẹnu wọn,
31 ৩১ ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
ìbínú Ọlọ́run dìde sí wọn ó pa àwọn tí ó jùlọ nínú wọn, ó sì lu àwọn ọ̀dọ́mọkùnrin Israẹli bolẹ̀.
32 ৩২ তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।
Nínú gbogbo ìwọ̀nyí, wọ́n ń dẹ́ṣẹ̀ síwájú; nínú gbogbo iṣẹ́ ìyanu rẹ̀, wọ́n kò gbàgbọ́.
33 ৩৩ সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।
O fi òpin sí ayé wọn nínú asán àti ọdún wọn nínú ìpayà.
34 ৩৪ তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
Nígbàkígbà tí Ọlọ́run bá pa wọ́n, wọn yóò wá a kiri; wọn yóò fi ìtara yípadà sí i.
35 ৩৫ তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
Wọ́n rántí pé Ọlọ́run ní àpáta wọn; wí pé Ọlọ́run Ọ̀gá-ògo jùlọ ni olùràpadà àpáta wọn.
36 ৩৬ কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
Ṣùgbọ́n nígbà náà ni wọ́n yóò pọ́n ọn pẹ̀lú ẹnu wọ́n wọ́n fi ahọ́n wọ́n purọ́ fún un;
37 ৩৭ তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
ọkàn wọn kò sòtítọ́ sí i, wọn kò jẹ́ olódodo sí májẹ̀mú rẹ̀.
38 ৩৮ তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
Síbẹ̀ ó ṣàánú; ó dárí àìṣedéédéé wọn jì òun kò sì pa wọ́n run nígbà púpọ̀ ló ń yí ìbínú rẹ̀ padà kò sì ru ìbínú rẹ̀ sókè
39 ৩৯ তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।
Ó rántí pé ẹlẹ́ran ara ni wọ́n, afẹ́fẹ́ tó ń kọjá tí kò lè padà.
40 ৪০ মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
Nígbà gbogbo ní wọn ń ṣọ̀tẹ̀ sí i ní aginjù wọn mú un bínú nínú ilẹ̀ tí ó di ahoro!
41 ৪১ বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।
Síwájú àti síwájú wọ́n dán Ọlọ́run wò; wọ́n mú ẹni mímọ́ Israẹli bínú.
42 ৪২ তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
Wọ́n kò rántí agbára rẹ̀: ní ọjọ́ tí ó rà wọ́n padà lọ́wọ́ àwọn aninilára,
43 ৪৩ যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
ní ọjọ́ tí ó fi iṣẹ́ ìyanu rẹ̀ hàn ní Ejibiti, àti iṣẹ́ àmì rẹ̀ ni ẹkùn Ṣoani
44 ৪৪ সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
Ó sọ omi wọn di ẹ̀jẹ̀; wọn kò lè mu láti odò wọn.
45 ৪৫ তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
Ó rán ọ̀wọ́ eṣinṣin láti pa wọ́n run, àti ọ̀pọ̀lọ́ tí ó bá wọn jẹun.
46 ৪৬ তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।
Ó fi ọkà wọn fún láńtata, àwọn ìre oko wọn fún eṣú.
47 ৪৭ তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।
Ó fi yìnyín ba àjàrà wọn jẹ́ ó bá èso sikamore wọn jẹ́.
48 ৪৮ তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।
Ó fi ohun ọ̀sìn wọn fún yìnyín, agbo ẹran wọn fún mọ̀nàmọ́ná.
49 ৪৯ তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
Ó mú kíkorò ìbínú rẹ̀ wá sí wọn lára, ìrunú àti ìkáàánú, àti ìpọ́njú, nípa rírán angẹli apanirun sí wọn.
50 ৫০ তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।
Ó pèsè ipa fún ìbínú rẹ̀, òun kò gbà wọ́n lọ́wọ́ ikú, ṣùgbọ́n ó fi ẹ̀mí wọ́n fún àjàkálẹ̀-ààrùn.
51 ৫১ তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।
Ó kọlu àwọn àkọ́bí ọmọ ọkùnrin Ejibiti, olórí agbára wọn nínú àgọ́ Hamu.
52 ৫২ তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।
Ṣùgbọ́n ó mú àwọn ènìyàn rẹ̀ jáde bí ọ̀wọ́ ẹran; ó ṣọ́ wọn gẹ́gẹ́ bí àgùntàn nínú aginjù.
53 ৫৩ তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
Ó dáàbò bò wọ́n dáradára, nítorí náà ni ẹ̀rù kò ṣe bà wọ́n ṣùgbọ́n òkun padé mọ́ àwọn ọ̀tá wọn.
54 ৫৪ তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।
Bákan náà ni ó mú wọn wá sí etí ilẹ̀ mímọ́ rẹ̀ òkè tí ọwọ́ ọ̀tún rẹ̀ ti gbà
55 ৫৫ তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
Ó lé kèfèrí jáde níwájú wọn ó sì fi títa okùn pín ilẹ̀ náà fún wọn gẹ́gẹ́ bí ilẹ̀ ìní; ó mú àwọn ẹ̀yà Israẹli jókòó ní ilẹ̀ wọn.
56 ৫৬ কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
Ṣùgbọ́n wọn dán Ọlọ́run wò wọn sì ṣọ̀tẹ̀ sí Ọ̀gá-ògo; wọn kò pa àṣẹ rẹ̀ mọ́.
57 ৫৭ তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
Ṣùgbọ́n wọ́n yípadà, wọn jẹ́ aláìṣòdodo gẹ́gẹ́ bí àwọn baba wọn wọ́n sì pẹ̀yìndà sí apákan bí ọrun ẹ̀tàn.
58 ৫৮ তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
Wọ́n bí i nínú pẹ̀lú ibi gíga wọn; wọn rú owú rẹ̀ sókè nípa òrìṣà wọn.
59 ৫৯ এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
Nígbà tí Ọlọ́run gbọ́ wọn, inú bí i gidigidi; ó kọ Israẹli pátápátá.
60 ৬০ চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
Ó kọ àgọ́ Ṣilo sílẹ̀, àgọ́ tí ó ti gbé kalẹ̀ láàrín àwọn ènìyàn.
61 ৬১ নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
Ó rán àpótí ẹ̀rí, agbára rẹ̀ lọ sí ìgbèkùn, dídán ògo rẹ̀ lọ sí ọwọ́ àwọn ọ̀tá.
62 ৬২ তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
Ó fi àwọn ènìyàn rẹ̀ lé idà lọ́wọ́, ó sì bínú sí àwọn ohun ìní rẹ̀.
63 ৬৩ তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল।
Iná run àwọn ọ̀dọ́mọkùnrin wọn, àwọn ọmọbìnrin wọn kò sì ní orin ìgbéyàwó:
64 ৬৪ তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
àfi àlùfáà wọn fún idà, àwọn opó wọn kò sì le è sọkún.
65 ৬৫ তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
Olúwa sì jí gẹ́gẹ́ bí ẹni ojú oorun, gẹ́gẹ́ bí ọkùnrin ti i jí kúrò nínú ìraníyè ọtí.
66 ৬৬ তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।
Ó kọlu àwọn ọ̀tá rẹ̀ padà; ó fi wọn sínú ìtìjú ayérayé.
67 ৬৭ পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
Nígbà náà ni ó kọ́ àgọ́ Josẹfu, kò sì yan ẹ̀yà Efraimu,
68 ৬৮ কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
ṣùgbọ́n ó yan ẹ̀yà Juda, òkè Sioni, èyí tí ó fẹ́ràn.
69 ৬৯ তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
Ó kọ́ ibi mímọ́ rẹ̀, ibi gíga, gẹ́gẹ́ bí ayé tí ó fi ìdí rẹ̀ múlẹ̀ títí láé.
70 ৭০ তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে, তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।
Ó yan Dafidi ìránṣẹ́ rẹ̀ ó mú láti inú àwọn agbo ẹran;
71 ৭১ গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
Ó mú un jáde nínú ìtọ́jú àgùntàn láti jẹ́ olùṣọ́-àgùntàn àwọn ènìyàn rẹ̀ Jakọbu àti Israẹli ogún un rẹ̀.
72 ৭২ দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।
Dafidi sì ṣọ́ wọn pẹ̀lú òtítọ́ inú ọkàn; pẹ̀lú ọwọ́ òye ni ó fi darí wọn.