< সামসঙ্গীত 77 >
1 ১ মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
Don mai bi da kaɗe-kaɗe. Don Yedutun. Na Asaf. Zabura ce. Na yi kuka ga Allah don taimako; na yi kuka ga Allah don yă ji ni.
2 ২ সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
Sa’ad da nake cikin damuwa, na nemi Ubangiji; da dare na miƙa hannuwa ba gajiya raina kuma ya ƙi yă ta’azantu.
3 ৩ মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। (চেলা)
Na tuna da kai, ya Allah, na kuma yi nishi; na yi nishi, ƙarfina kuwa duk ya raunana. (Sela)
4 ৪ তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।
ka hana idanuna rufewa; na damu ƙwarai har ba na iya magana.
5 ৫ মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।
Na yi tunani kwanakin da suka wuce, shekarun da suka wuce da daɗewa;
6 ৬ ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে;
na tuna da waƙoƙina da dare. Zuciyata ta yi nishi, ƙarfina kuwa ya nemi yă sani.
7 ৭ “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?
“Ubangiji zai ƙi ne har abada? Ba zai taɓa nuna alherinsa kuma ba?
8 ৮ তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
Ƙaunarsa marar ƙarewa ta ɓace ke nan har abada? Alkawarinsa ya kāsa ke nan a dukan lokaci?
9 ৯ ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? (চেলা)
Allah ya manta yă yi jinƙai? Cikin fushinsa ya janye tausayinsa ne?” (Sela)
10 ১০ মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
Sai na yi tunani, “Zan yi roƙo saboda wannan, shekarun da Mafi Ɗaukaka ya miƙa hannunsa na dama.”
11 ১১ যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
Zan tuna da ayyukan Ubangiji; I, zan tuna mu’ujizanka na tun dā.
12 ১২ তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।
Zan yi tunani a kan dukan ayyukanka in lura da dukan manyan abubuwan da ka aikata.
13 ১৩ হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
Hanyoyinka, ya Allah, masu tsarki ne. Wanda allah ne yake da girma kamar Allahnmu?
14 ১৪ তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
Kai ne Allahn da yakan aikata mu’ujizai; ka nuna ikonka a cikin mutane.
15 ১৫ তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। (চেলা)
Da hannunka mai ƙarfi ka fanshi mutanenka, zuriyar Yaƙub da Yusuf. (Sela)
16 ১৬ হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
Ruwaye sun gan ka, ya Allah, ruwaye sun gan ka suka firgita; zurfafan gaske sun girgiza.
17 ১৭ মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
Gizagizai sun sauko da ruwa, sararin sama suka buga tsawa; kibiyoyinka suka yi ta kai komo da walƙiya.
18 ১৮ বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
Aka ji tsawanka a cikin guguwa, walƙiyarka ta haskaka duniya; duniya ta yi rawar jiki ta girgiza.
19 ১৯ সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
Hanyarka ta bi ta cikin teku, hanyarka ta bi cikin manyan ruwaye, duk da haka ba a ga sawunka ba.
20 ২০ মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।
Ka bi da mutanenka kamar garke ta hannun Musa da Haruna.