< সামসঙ্গীত 76 >
1 ১ যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
“For the leader of the music. Upon stringed instruments. A Psalm of Asaph.” In Judah is God known; Great is his name in Israel.
2 ২ চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে।
In Jerusalem is his tabernacle, And in Zion his dwelling-place.
3 ৩ তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। (চেলা)
There brake he the lightning of the bow, The shield, the sword, and all the weapons of battle.
4 ৪ তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।
More glorious and excellent art thou Than those mountains of robbers!
5 ৫ এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।
Spoiled are the stout-hearted; They sank into their sleep; The hands of the mighty were powerless.
6 ৬ হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
Before thy rebuke, O God of Jacob! Fell chariot and horseman into a deep sleep!
7 ৭ তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
Thou, thou, O God! art terrible! Who can stand before thee in thine anger?
8 ৮ তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।
Thou didst cause judgment to be heard from heaven; The earth trembled and was still,
9 ৯ হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। (চেলা)
When God arose to judgment, To save all the oppressed of the earth!
10 ১০ অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।
The wrath of man shall praise thee, When thou girdest on the whole of thy wrath!
11 ১১ তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
Make and perform vows to Jehovah, your God! Let all that dwell around him bring gifts to the terrible One,
12 ১২ তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
Who casteth down the pride of princes, Who is terrible to the kings of the earth!