< সামসঙ্গীত 75 >
1 ১ হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
“For the leader of the music. To the tune of “Do not destroy.” A psalm of Asaph.” We give thanks to thee, O God! we give thanks to thee, and near is thy name; Men shall declare thy wondrous deeds!
2 ২ যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
“When I see my time, Then will I judge with equity.
3 ৩ যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। (চেলা)
The earth trembleth, and all her inhabitants; But I uphold her pillars.”
4 ৪ মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি: সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
I say to the proud, Behave not proudly! To the wicked, Lift not up your horn!
5 ৫ তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
Lift not up your horn on high, And speak not with a stiff neck!
6 ৬ কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
For promotion cometh neither from the east, nor from the west, nor from the south;
7 ৭ কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
But it is God that judgeth; He putteth down one, and setteth up another.
8 ৮ কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
For in the hand of the LORD there is a cup; The wine is foaming and full of spices, And of it he poureth out; Even to the dregs shall all the wicked of the earth drink it.
9 ৯ কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
Therefore I will extol him for ever; I will sing praise to the God of Jacob.
10 ১০ তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”
“I will bring down all the power of the wicked; But the righteous shall lift up their heads.”