< সামসঙ্গীত 74 >
1 ১ হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
συνέσεως τῷ Ασαφ ἵνα τί ἀπώσω ὁ θεός εἰς τέλος ὠργίσθη ὁ θυμός σου ἐπὶ πρόβατα νομῆς σου
2 ২ তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
μνήσθητι τῆς συναγωγῆς σου ἧς ἐκτήσω ἀπ’ ἀρχῆς ἐλυτρώσω ῥάβδον κληρονομίας σου ὄρος Σιων τοῦτο ὃ κατεσκήνωσας ἐν αὐτῷ
3 ৩ তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
ἔπαρον τὰς χεῖράς σου ἐπὶ τὰς ὑπερηφανίας αὐτῶν εἰς τέλος ὅσα ἐπονηρεύσατο ὁ ἐχθρὸς ἐν τοῖς ἁγίοις σου
4 ৪ তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
καὶ ἐνεκαυχήσαντο οἱ μισοῦντές σε ἐν μέσῳ τῆς ἑορτῆς σου ἔθεντο τὰ σημεῖα αὐτῶν σημεῖα καὶ οὐκ ἔγνωσαν
5 ৫ ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
ὡς εἰς τὴν εἴσοδον ὑπεράνω
6 ৬ তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
ὡς ἐν δρυμῷ ξύλων ἀξίναις ἐξέκοψαν τὰς θύρας αὐτῆς ἐπὶ τὸ αὐτὸ ἐν πελέκει καὶ λαξευτηρίῳ κατέρραξαν αὐτήν
7 ৭ তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
ἐνεπύρισαν ἐν πυρὶ τὸ ἁγιαστήριόν σου εἰς τὴν γῆν ἐβεβήλωσαν τὸ σκήνωμα τοῦ ὀνόματός σου
8 ৮ তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
εἶπαν ἐν τῇ καρδίᾳ αὐτῶν ἡ συγγένεια αὐτῶν ἐπὶ τὸ αὐτό δεῦτε καὶ κατακαύσωμεν πάσας τὰς ἑορτὰς τοῦ θεοῦ ἀπὸ τῆς γῆς
9 ৯ আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
τὰ σημεῖα ἡμῶν οὐκ εἴδομεν οὐκ ἔστιν ἔτι προφήτης καὶ ἡμᾶς οὐ γνώσεται ἔτι
10 ১০ হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
ἕως πότε ὁ θεός ὀνειδιεῖ ὁ ἐχθρός παροξυνεῖ ὁ ὑπεναντίος τὸ ὄνομά σου εἰς τέλος
11 ১১ তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
ἵνα τί ἀποστρέφεις τὴν χεῖρά σου καὶ τὴν δεξιάν σου ἐκ μέσου τοῦ κόλπου σου εἰς τέλος
12 ১২ তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
ὁ δὲ θεὸς βασιλεὺς ἡμῶν πρὸ αἰῶνος εἰργάσατο σωτηρίαν ἐν μέσῳ τῆς γῆς
13 ১৩ তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
σὺ ἐκραταίωσας ἐν τῇ δυνάμει σου τὴν θάλασσαν σὺ συνέτριψας τὰς κεφαλὰς τῶν δρακόντων ἐπὶ τοῦ ὕδατος
14 ১৪ তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।
σὺ συνέθλασας τὰς κεφαλὰς τοῦ δράκοντος ἔδωκας αὐτὸν βρῶμα λαοῖς τοῖς Αἰθίοψιν
15 ১৫ তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
σὺ διέρρηξας πηγὰς καὶ χειμάρρους σὺ ἐξήρανας ποταμοὺς Ηθαμ
16 ১৬ দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
σή ἐστιν ἡ ἡμέρα καὶ σή ἐστιν ἡ νύξ σὺ κατηρτίσω φαῦσιν καὶ ἥλιον
17 ১৭ তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।
σὺ ἐποίησας πάντα τὰ ὅρια τῆς γῆς θέρος καὶ ἔαρ σὺ ἔπλασας αὐτά
18 ১৮ হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
μνήσθητι ταύτης ἐχθρὸς ὠνείδισεν τὸν κύριον καὶ λαὸς ἄφρων παρώξυνεν τὸ ὄνομά σου
19 ১৯ তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
μὴ παραδῷς τοῖς θηρίοις ψυχὴν ἐξομολογουμένην σοι τῶν ψυχῶν τῶν πενήτων σου μὴ ἐπιλάθῃ εἰς τέλος
20 ২০ তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।
ἐπίβλεψον εἰς τὴν διαθήκην σου ὅτι ἐπληρώθησαν οἱ ἐσκοτισμένοι τῆς γῆς οἴκων ἀνομιῶν
21 ২১ উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
μὴ ἀποστραφήτω τεταπεινωμένος κατῃσχυμμένος πτωχὸς καὶ πένης αἰνέσουσιν τὸ ὄνομά σου
22 ২২ হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
ἀνάστα ὁ θεός δίκασον τὴν δίκην σου μνήσθητι τῶν ὀνειδισμῶν σου τῶν ὑπὸ ἄφρονος ὅλην τὴν ἡμέραν
23 ২৩ তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।
μὴ ἐπιλάθῃ τῆς φωνῆς τῶν ἱκετῶν σου ἡ ὑπερηφανία τῶν μισούντων σε ἀνέβη διὰ παντὸς πρὸς σέ