< সামসঙ্গীত 74 >

1 হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
阿撒夫的訓誨詩。 天主,您為何常久棄捨不管,對您牧場的羊群怒火炎炎?
2 তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
求您懷念您自古所佔有的會伴,您所贖回給您作產業的族團,及您在那裏設置寶座的熙雍山,
3 তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
求您舉步踏向久存的荒野:敵人在聖所中摧毀了一切。
4 তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
您的仇人在您的會場上咆哮狂謾,豎立起自己的旗幟作為凱旋紀念。
5 ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
他們相似高舉斧子的樵夫,在森林中砍伐堅硬的樹木。
6 তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
他們竟用斧頭鐵鎚,搗毀了聖殿的門扉;
7 তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
他們又縱火焚燒了您的聖殿,把您聖名的居所褻瀆於地面。
8 তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
心裏說:我們把它們全部摧毀,燒盡天主在地上所有的殿宇。
9 আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
我們的標幟,已再不見,一個先知也不復出現,我們都不知幾時纔完。
10 ১০ হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
天主,仇人欺凌辱罵要到何時﹖敵人豈能永遠褻瀆您的名字?
11 ১১ তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
為何您把您的手收回,將您的右手插入懷裏?
12 ১২ তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
天主,從古以來是我的君主,是他在人世間實行了救助。
13 ১৩ তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
您以您的權能分開了大海,在水中擊破了毒龍的頭蓋。
14 ১৪ তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।
打碎了里外雅堂的頭顱,且將牠作為海怪的食物。
15 ১৫ তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
您引源泉溪水流滾涓涓,卻使洶湧江河涸竭枯乾,
16 ১৬ দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
白日屬於您,黑夜也屬於您,月亮和太陽都是由您佈置。
17 ১৭ তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।
您劃出了大地的界限,您制定了冬夏的時間。
18 ১৮ হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
上主求您切記:仇人褻瀆了您,無知的百姓侮辱了您的名字。
19 ১৯ তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
求您不要將您斑鳩的性命交給野鷹,永遠也不要忘記您的窮苦人的性命。
20 ২০ তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।
求您回顧您所立的誓盟,因各地暗處充滿了強橫。
21 ২১ উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
願受壓迫的人不要含羞回程,願貧苦窮乏的人歌頌您的名。
22 ২২ হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
天主,求您速來處理您的案件,切記糊塗人天天對您的侮慢。
23 ২৩ তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।
千萬不要忘了您敵人的喧囂,和反抗您的人們不斷的狂叫。

< সামসঙ্গীত 74 >