< সামসঙ্গীত 72 >
1 ১ হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।
Psalmus, In Salomonem.
2 ২ তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Deus iudicium tuum regi da: et iustitiam tuam filio regis: Iudicare populum tuum in iustitia, et pauperes tuos in iudicio.
3 ৩ পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।
Suscipiant montes pacem populo: et colles iustitiam.
4 ৪ তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
Iudicabit pauperes populi, et salvos faciet filios pauperum: et humiliabit calumniatorem.
5 ৫ তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
Et permanebit cum Sole, et ante Lunam, in generatione et generationem.
6 ৬ ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
Descendet sicut pluvia in vellus: et sicut stillicidia stillantia super terram.
7 ৭ তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
Orietur in diebus eius iustitia, et abundantia pacis: donec auferatur luna.
8 ৮ তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
Et dominabitur a mari usque ad mare: et a flumine usque ad terminos orbis terrarum.
9 ৯ মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
Coram illo procident Æthiopes: et inimici eius terram lingent.
10 ১০ তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
Reges Tharsis, et insulæ munera offerent: reges Arabum, et Saba dona adducent:
11 ১১ এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
Et adorabunt eum omnes reges terræ: omnes gentes servient ei:
12 ১২ কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
Quia liberabit pauperem a potente: et pauperem, cui non erat adiutor.
13 ১৩ তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
Parcet pauperi et inopi: et animas pauperum salvas faciet.
14 ১৪ অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
Ex usuris et iniquitate redimet animas eorum: et honorabile nomen eorum coram illo.
15 ১৫ ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
Et vivet, et dabitur ei de auro Arabiæ, et adorabunt de ipso semper: tota die benedicent ei.
16 ১৬ পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
Et erit firmamentum in terra in summis montium, superextolletur super Libanum fructus eius: et florebunt de civitate sicut fœnum terræ.
17 ১৭ ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
Sit nomen eius benedictum in sæcula: ante Solem permanet nomen eius. Et benedicentur in ipso omnes tribus terræ: omnes gentes magnificabunt eum.
18 ১৮ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।
Benedictus Dominus Deus Israel, qui facit mirabilia solus:
19 ১৯ তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
Et benedictum nomen maiestatis eius in æternum: et replebitur maiestate eius omnis terra: fiat, fiat.
20 ২০ যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
Defecerunt laudes David filii Iesse.