< সামসঙ্গীত 72 >
1 ১ হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।
Salimo la Solomoni. Patsani mwana wa mfumu nzeru zanu zoweruzira mwa chilungamo, Inu Mulungu mupatseni mwana wa mfumu chilungamo chanu.
2 ২ তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Iye adzaweruza anthu anu mwachilungamo, anthu anu ozunzika mosakondera.
3 ৩ পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।
Mapiri adzabweretsa chuma kwa anthu anu, timapiri tidzabweretsa zipatso zachilungamo.
4 ৪ তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
Iye adzateteza ozunzika pakati pa anthu ndi kupulumutsa ana a anthu osowa; adzaphwanya ozunza anzawo.
5 ৫ তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
Adzakhala ndi moyo pa mibado yonse, nthawi zonse pamene dzuwa ndi mwezi zikuwala.
6 ৬ ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
Iye adzakhala kugwa kwa mvula pa minda yolimidwa ngati mivumbi yothirira dziko lapansi.
7 ৭ তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
Mʼmasiku a munthu wolungama adzakhazikika; chuma chidzachuluka mpaka mwezi utaleka kuwala.
8 ৮ তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
Iye adzalamulira kuchokera ku nyanja ina mpaka ku nyanja ina ndiponso kuchokera ku mtsinje mpaka ku malekezero a dziko lapansi.
9 ৯ মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
Mafuko a mʼchipululu adzawerama pamaso pake ndipo adani ake adzanyambita fumbi.
10 ১০ তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
Mafumu a ku Tarisisi ndi a ku zilumba zakutali adzabweretsa mitulo kwa iye, mafumu a ku Seba ndi Seba adzapereka mphatso kwa iyeyo.
11 ১১ এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
Mafumu onse adzamuweramira ndipo mitundu yonse idzamutumikira.
12 ১২ কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
Pakuti iye adzawombola wosowa amene akulira, wozunzika amene alibe wina womuthandiza.
13 ১৩ তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
Iye adzachitira chifundo anthu ofowoka ndi anthu osowa ndi kupulumutsa osowa ku imfa.
14 ১৪ অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
Iye adzalanditsa iwo ku mazunzo ndi chiwawa pakuti magazi awo ndi amtengo wapatali pamaso pake.
15 ১৫ ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
Iye akhale ndi moyo wautali; golide ochokera ku Seba apatsidwe kwa iye. Anthu amupempherere nthawi zonse ndi kumudalitsa tsiku lonse.
16 ১৬ পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
Mulole kuti tirigu achuluke mʼdziko lonse; pamwamba pa mapiri pakhale tirigu. Zipatso zake zichuluke ngati za ku Lebanoni; zichuluke ngati udzu wakuthengo
17 ১৭ ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
Dzina lake likhazikike kwamuyaya, lipitirire kukhala monga momwe limakhalira dzuwa. Mitundu yonse idzadalitsika kudzera mwa iye ndipo iwo adzamutcha iye wodala.
18 ১৮ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।
Matamando akhale kwa Yehova Mulungu, Mulungu wa Israeli amene Iye yekha amachita ntchito zodabwitsa.
19 ১৯ তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
Matamando akhale ku dzina lake laulemerero kwamuyaya dziko lonse lapansi lidzaze ndi ulemerero wake. Ameni ndi Ameni.
20 ২০ যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
Uku ndiko kumaliza kwa mapemphero a Davide mwana wa Yese.