< সামসঙ্গীত 71 >

1 হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
У Тебе, Господи, я шукаю захисту, тож нехай не посоромлюся повіки!
2 তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
У Своїй праведності визволи мене і врятуй; схили до мене вухо Твоє і спаси мене.
3 মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ; তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
Будь для мене скелею для оселі [моєї], куди я завжди міг би прийти. Дай наказ врятувати мене, бо Ти моя скеля й твердиня моя.
4 হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
Боже мій, визволи мене від руки нечестивого, від долоні беззаконного й кривдника.
5 কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।
Бо Ти – надія моя, Владико Господи, сподівання моє від [часів] юності моєї.
6 গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
На Тобі я утверджувався від самого народження; Ти витягнув мене з утроби матері моєї; Тобі – хвала моя безупинно!
7 মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।
Я став ніби знаком для багатьох, але Ти – тверде пристановище моє.
8 মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
Нехай вуста мої наповняться хвалою Тобі, цілий день [оспівуючи] красу Твою величну.
9 বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
Не залиши мене в час старості; не покинь мене, коли сила моя виснажиться.
10 ১০ কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
Бо подейкують про мене вороги мої, і ті, хто душу мою підстерігає, радяться разом між собою,
11 ১১ তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
кажучи: «Бог покинув його. Переслідуйте й схопіть його, бо немає [в нього] рятівника!»
12 ১২ হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
Боже, не віддаляйся від мене! Боже мій, поспіши мені на допомогу!
13 ১৩ মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
Нехай посоромлені будуть і загинуть супротивники душі моєї; нехай зодягнуться в ганьбу й безчестя ті, хто прагне вчинити мені зло.
14 ১৪ কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
А я завжди сподіватимуся і все більше й більше хвалу Тобі примножувати буду.
15 ১৫ এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
Вуста мої проголошуватимуть Твою праведність [і] спасіння Твоє цілий день, бо не знаю, як [їх] полічити!
16 ১৬ মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।
Я увійду в роздуми про могутність Владики Господа, буду нагадувати [всім] про праведність Твою, що лише Тобі належить!
17 ১৭ হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
Боже, Ти вчив мене від [часів] юності моєї, і донині сповіщаю я чудеса Твої.
18 ১৮ প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
Тож і до старості й сивини, Боже, не покидай мене, аж поки не звіщу про силу правиці Твоєї поколінню цьому й усім прийдешнім – про могутність Твою.
19 ১৯ হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?
А праведність Твоя, Боже, до висот сягає; те, що вчинив Ти, – величне! Боже, хто подібний до Тебе?
20 ২০ তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
Хоча Ти показав мені чимало тяжких скорбот, та знову Ти повертав мене до життя і з безодень землі знов виводив мене.
21 ২১ তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
Ти примножував велич мою й огортав мене втіхою Своєю.
22 ২২ হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Тож і я прославлю Тебе струнами ліри за вірність Твою, Боже мій; співатиму Тобі під [звуки] арфи, Святий Ізраїлів!
23 ২৩ মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।
Радісно вигукують уста мої, коли я співаю для Тебе, і душа моя, яку Ти визволив,
24 ২৪ মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।
також і язик мій цілий день промовлятиме правду Твою, бо посоромлені й ганьбою вкриті ті, хто прагнув вчинити мені зло.

< সামসঙ্গীত 71 >