< সামসঙ্গীত 71 >
1 ১ হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
Nan Ou, O SENYÈ, mwen te pran refij. Pa janm kite mwen vin wont.
2 ২ তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
Nan ladwati Ou, delivre mwen e fè m sekou. Panche zòrèy Ou bò kote m e sove mwen.
3 ৩ মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ; তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
Devni pou mwen wòch abitasyon mwen an, kote mwen kab vini tout tan. Ou te pase lòd pou sove mwen, paske Ou se wòch mwen ak sitadèl mwen.
4 ৪ হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
Delivre mwen, O Bondye mwen, nan men a mechan yo, Fè m sòti nan ponyèt a malfektè a ak san pitye a,
5 ৫ কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।
Paske Ou se espwa m, O SENYÈ Bondye, Ou se konfyans mwen soti nan jenès mwen.
6 ৬ গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
Pa Ou menm, mwen te twouve soutyen depi lè m te fèt. Se Ou menm ki te retire mwen nan vant manman m. Tout tan se Ou menm ke m louwe.
7 ৭ মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।
Mwen parèt kon yon mèvèy pou anpil moun, men se Ou ki fò refij mwen.
8 ৮ মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
Bouch mwen plen avèk lwanj Ou ak glwa Ou tout lajounen.
9 ৯ বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
Pa jete mwen akote nan tan vyeyès mwen. Pa abandone mwen lè fòs mwen vin febli.
10 ১০ কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
Paske Lènmi m yo te pale kont mwen. (Sila) k ap veye pou pran lavi m yo ap pran konsèy ansanm,
11 ১১ তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
Y ap di: “Bondye fin abandone li. Annou kouri dèyè l, e sezi li. Paske nanpwen moun ki pou delivre l.”
12 ১২ হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
O Bondye, pa rete lwen mwen. O Bondye m, fè vit a sekou mwen!
13 ১৩ মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
Kite (sila) ki advèsè a nanm mwen yo vin wont e manje nèt. Kite yo kouvri avèk repwòch ak dezonè k ap chache blese mwen.
14 ১৪ কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
Men pou mwen, mwen va kenbe espwa m pou tout tan. Mwen va bay Ou lwanj plis toujou.
15 ১৫ এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
Bouch mwen va pale ladwati Ou, ak sali Ou tout lajounen, menmsi mwen pa kab fin konnen fòs valè tout jou sa yo.
16 ১৬ মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।
Mwen va vini ak zèv pwisan SENYÈ Bondye a. Mwen va pale ladwati Ou, sèl de Ou menm.
17 ১৭ হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
O Bondye, Ou te enstwi mwen depi jenès mwen. Jiska prezan, mwen toujou deklare mèvèy Ou yo.
18 ১৮ প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
Wi, menm lè m vye ak cheve blanch, O Bondye, pa abandone m, jiskaske mwen fin deklare fòs Ou a jenerasyon (sila) a, ak pwisans Ou a tout (sila) k ap vini yo.
19 ১৯ হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?
Paske ladwati Ou, O Bondye, rive jis nan syèl yo. Ou menm ki te fè gwo bagay yo. O Bondye, se kilès ki tankou Ou menm?
20 ২০ তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
Ou menm ki te fè m wè anpil twoub ak gwo pwoblèm, va fè m viv. Ou va mennen mwen monte soti nan fon tè yo.
21 ২১ তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
Ke Ou fè lonè mwen vin plis e vire ban m konsolasyon ankò.
22 ২২ হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Konsa, mwen va louwe Ou avèk ap la pou fidelite Ou, O Bondye mwen. A Ou menm, mwen va chante lwanj avèk gita, O (Sila) Ki Sen an Israël la.
23 ২৩ মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।
Lèv mwen va rele ak jwa lè mwen chante lwanj a Ou menm pou nanm mwen ke Ou te rachte a.
24 ২৪ মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।
Lang mwen, anplis, va pale ladwati Ou tout lajounen. Paske yo wont, yo imilye, (Sila) ki te chache fè m mal yo.