< সামসঙ্গীত 70 >
1 ১ হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
Pour le musicien en chef. Par David. Un rappel. Dépêche-toi, Dieu, de me délivrer. Viens vite m'aider, Yahvé.
2 ২ যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
Qu'ils soient déçus et confondus, ceux qui cherchent mon âme. Que ceux qui désirent ma ruine soient renvoyés en disgrâce.
3 ৩ যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
Qu'ils soient détournés à cause de leur honte qui disent, « Aha! Aha! »
4 ৪ তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
Que tous ceux qui te cherchent se réjouissent et se réjouissent en toi. Que ceux qui aiment ton salut disent continuellement, « Que Dieu soit exalté! »
5 ৫ কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।
Mais je suis pauvre et indigent. Viens vite à moi, Dieu. Tu es mon aide et mon libérateur. Yahvé, ne tarde pas.