< সামসঙ্গীত 7 >
1 ১ হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
Wani shiggayiyon ta Dawuda, wanda Ya Rera wa Ubangiji game da Kush mutumin Benyamin. Ya Ubangiji Allahna, na zo neman mafaka a wurinka; ka cece ni ka kuɓutar da ni daga dukan waɗanda suke bi na,
2 ২ নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
in ba haka ba za su yayyage ni kamar zaki su ɓarke ni kucu-kucu ba tare da wani da zai cece ni ba.
3 ৩ হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ, যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,
Ya Ubangiji Allahna, in na yi kuskure aka kuwa sami laifi a hannuwana,
4 ৪ যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,
in na yi mugunta ga wanda yake zaman lafiya da ni ko kuwa ba da wani dalilin cuci abokin gābana,
5 ৫ তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
to, bari abokin gābana yă bi yă kuma cim mini; bari yă tattake raina a ƙasa ya sa in kwana a ƙura. (Sela)
6 ৬ হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
Ka tashi, ya Ubangiji, cikin fushinka; ka tashi gāba da fushin abokan gābana. Ka farka, Allahna, ka umarta adalci.
7 ৭ সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
Bari taron mutane su taru kewaye da kai. Ka yi mulki a bisansu daga bisa;
8 ৮ যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।
bari Ubangiji mai shari’ar mutane. Ka shari’anta ni Ya Ubangiji, bisa ga adalcina, bisa ga mutuncina, ya Mafi Ɗaukaka.
9 ৯ হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
Ya Allah mai adalci, wanda yake binciken tunani da zukata, ka kawo ƙarshen rikicin mugaye ka kuma sa adalai su zauna lafiya.
10 ১০ ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।
Garkuwata shi ne Allah Mafi Ɗaukaka, wanda yake ceton masu tsabtar zuciya.
11 ১১ ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
Allah alƙali ne mai adalci, Allahn da yakan bayyana fushinsa kowace rana.
12 ১২ কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
In mutum bai tuba ba, Allah zai wasa takobinsa; zai tanƙware yă kuma ɗaura bakansa.
13 ১৩ তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।
Ya shirya makamansa masu dafi; ya shirya kibiyoyinsa masu wuta.
14 ১৪ ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
Wanda yake da cikin mugunta ya kuma ɗauki cikin damuwa yakan haifi ƙarya.
15 ১৫ তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
Wanda ya haƙa rami yakan fāɗa cikin ramin da ya haƙa.
16 ১৬ তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।
Damuwar da ya ja yakan sāke nannaɗe a kansa; fitinarsa takan sauka a kansa.
17 ১৭ সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।
Zan gode wa Ubangiji saboda adalcinsa zan kuma rera yabo ga sunan Ubangiji Mafi Ɗaukaka.